ETV Bharat / state

নাওবৈচা মহাবিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উদ্বোধন - প্ৰাচীৰ প্ৰত্ৰিকা

নাওবৈচা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ প্ৰায় ৩ লাখ ৯০ হাজাৰ টকাৰ বৰঙণিৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা তোৰণখন এক মাংগলিক পৰিৱেশত উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে ।

নাওবৈচা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত টোৰণ উদ্ধোধন

author img

By

Published : Feb 17, 2021, 12:14 PM IST

Updated : Mar 2, 2021, 2:19 PM IST

নাওবৈচা,১৭ ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ বৃহত্তৰ নাওবৈচা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নাওবৈচা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণখন মঙলবাৰে সৰস্বতী পূজাৰ দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ প্ৰায় ৩ লাখ ৯০ হাজাৰ টকাৰ বৰঙণিৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা তোৰণখন এক মাংগলিক পৰিৱেশত উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে ।

নাওবৈচা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত টোৰণ উদ্ধোধন
তোৰণ উদ্বোধনী অনুষ্ঠান

একেদৰে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি নাওবৈচা মহাবিদ্যালয় প্ৰকাশন ব’ৰ্ডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এখনি গ্ৰন্থমেলাৰ লগতে শিক্ষা বিভাগৰ প্ৰাচীৰ প্ৰত্ৰিকা "শিক্ষাজ্যোতি" ৰ শুভ উদ্বোধন কৰে উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে । এই উদ্দেশ্যৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ভৰালীয়ে এই অনুষ্ঠানৰ অংশ হ’বলৈ পাই সৌভাগ্যবান বুলি অভিহিত কৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰচেষ্টাক শলাগে ৷ যিয়ে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ লগতে বৌদ্ধিক বিকাশত যথেষ্ট সহায় কৰিব ৷

নাওবৈচা মহাবিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উদ্বোধন

আনহাতে উদ্ভাৱক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, বৰ্তমান ভৰালীয়ে প্ৰতিদিনে তিনিঘণ্টা সময় ব্যয় কৰি বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ সঁজুলি আৱিষ্কাৰ কৰাৰ কামত নিয়োজিত হৈ আছে ৷ লখিমপুৰৰ যুৱ খেতিয়কসকলে কৰা আলু খেতি চপোৱাৰ বাবে এটি যন্ত্ৰ আৱিষ্কাৰৰ কামতো ব্যস্ত আছে উদ্ভাৱকগৰাকী ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.