নাওবৈচা,5 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচাত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট তিনিআলিত সাব্যস্ত কৰে এই প্ৰতিবাদ।
ইপিনে সংগঠনটোৱে ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ যোগান মন্ত্ৰী মূর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, ফনীভূষণ চৌধুৰী গ' বেক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ' বেক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। আনহাতে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে অসমত স্থাপন হোৱা টোলগেট সমূহো বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে।
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক