ETV Bharat / state

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত; লখিমপুৰত উছাহৰ ধল - Education Minister Ranoj Pegu

ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা ৰাজ্যৰ শিক্ষা বিভাগৰ ৷ শনিবাৰে ৰাজ্যৰ আন চাৰি বিদ্যালয়ৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়কো বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

North Lakhimpur College
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত
author img

By

Published : Nov 21, 2021, 9:30 PM IST

লখিমপুৰ, ২১ নৱেম্বৰ : ৰাজ্যৰ শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ ঘোষণা ৷ শনিবাৰে ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নতিকৰণৰ ঘোষণা জাৰি কৰিছে চৰকাৰে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা এই পাঁচখন মহাবিদ্যালয়ৰ ভিতৰত আছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰো নাম ৷ এই খবৰ লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক সমাজ ৷

উল্লেখ্য যে, ১৯৫২ চনতে প্ৰতিষ্ঠিত হৈছিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়খন ৷ অতীজৰে পৰা এই মহাবিদ্যালয়খন ৰাজ্যৰ ভিতৰতে এখন অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে । ২০১৩ চনত স্বায়ত্ব শাসনৰ মৰ্যাদাও লাভ কৰিছিল মহাবিদ্যালয়খনে ।

পৰৱৰ্তী সময়ত এই স্বায়ত্ব শাসনৰ ম্যাদ চলিত বৰ্ষত পুনৰ ২০২৬ চনলৈ বৃদ্ধি কৰা হয় । ৰাজ্যৰ ভিতৰতে তৃতীয়খন স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰা মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ খবৰে লখিমপুৰত বোৱাইছে উছাহৰ ধল । আনকি শিক্ষিত সমাজেও অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ৷ বিদ্বত সমাজ এয়া মহাবিদ্যালয়খনৰ গৌৰৱোজ্বল যাত্ৰাৰ এক সোণালী পৃষ্ঠা ৰূপে অভিহিত কৰিছে ।

শনিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰা অনুসৰি, দুবছৰৰ ভিতৰত উত্তৰ লখিমপুৰ মহাবিদ্যালয়, জেবি কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ কলেজ আৰু নগাঁও কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হ'ব ৷ লগতে ৰাজ্যৰ অধিকাংশ মহাবিদ্যালয়ক প্ৰদান কৰা হ’ব স্বায়ত্ব শাসনো ৷

লগতে পঢ়ক : New Appointments in Assam : নতুন নিযুক্তিৰ ক্ষেত্ৰত আয়োগ গঠনৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.