কেৱল এটা নহয় গাঁওখনৰ প্ৰতিটো পৰিয়ালে সন্তানক উছৰ্গা কৰি আহিছে দেশ ৰক্ষাৰ নামত । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ সকলো পিতৃ মাতৃয়ে সন্তানক উলিয়াই দিয়ে দেশৰ প্ৰতিৰক্ষা বিভাগত নিয়োজিত হ'বলৈ। দেশৰ প্ৰতিৰক্ষা বিভাগৰ সৈনিকসকলৰ ওপৰত আস্থা ৰাখিয়েই দেশৰ জনতাই মুকলিকৈ স্বাধীনভাৱে থাকিবলৈ সক্ষম হয় । জীৱন আৰু মৃত্যুৰ ঠিক কিঞ্চিত মান আঁতৰতেই আমাৰ সৈনিকসকল ৰৈ থাকে। তেনে এক অৱস্থাত সততে বহু পিতৃ মাতৃয়ে নিজৰ সন্তানক সেনা বাহিনীত পঠাব নিবিচাৰে । কিন্তু এনে এখন ব্যতিক্ৰম গাঁও আছে য'ত এখন ঘৰেই নহয়,সমগ্ৰ গাঁওখনেই নিজৰ এটি সন্তানক দেশৰ নামত উছৰ্গা কৰি আহিছে ।
এয়া কোনো অন্য ৰাজ্য অথবা দেশৰ কথা নহয় । এই গাঁওখন হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁও । গাঁৱখনক অসমৰ সৈনিকৰ গাঁও বুলিলেও বঢ়াই কোৱা নহ'ব ।বৰদেউৰী গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে কোনোবা নহয় কোনোবা নিয়োজিত হৈ আছে দেশৰ নিৰাপত্তা বাহিনীত । সমগ্ৰ অসমৰ ভিতৰতে সু-বৃহৎ দেউৰী গাঁও হৈছে নাৰায়ণপুৰৰ বৰদেউৰী গাঁও । গাঁৱখনৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ কান্ধত যেন দেশ ৰক্ষাৰ গধুৰ দায়িত্ব । কোনোবা এজনে যদি অৱসৰ গ্ৰহণ কৰিছে তাৰ ঠাইত আকৌ তিনিজনে নতুনকৈ যোগদান কৰিছে দেশৰ নিৰাপত্তা বাহিনীত । দেশৰ হকে প্ৰাণ আহুতি দিছে এই গাঁৱৰ বহুতে । গাঁৱখনত দেখিবলৈ পোৱা যায় দেশপ্ৰেমৰ এক অপূৰ্ব নিদৰ্শন ।
সৈনিকৰ ঘৰৰ জপনামুখত দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতীয় সেনাৰ প্ৰতীকপট আকৰ্ষণীয় ৰূপত সজাই ৰখা হয় । গাঁৱখনৰ কোনোবা ঘৰৰ পৰা যদি দুজনে সৈনিকত চাকৰি কৰি আছে আন কোনোবা ঘৰৰ পৰা আকৌ চাৰি সন্তানৰ চাৰিওজনেই নিয়োজিত হৈ আছে সৈন্য বাহিনীত । সেইসকল সুযোগ্য সন্তানৰ পিতৃ-মাতৃৰ চকুৰে প্ৰায়েই চকুলো নিগৰে । কোনোবাজনে যদি নিজ সন্তানক চকুৰ পৰা আঁতৰত ৰখাৰ দুখত চকুলো টুকিছে আন কাৰোবাৰ আকৌ সৈনিকৰ পিতৃ বা মাতৃ হোৱাৰ গৌৰৱত দুচকু সেমেকি উঠিছে । গাঁৱখনৰ দিব্যজ্যোতি দেউৰী নামৰ সৈনিকজনে কাশ্মীৰত দেশৰ হকে যুঁজি ইতিমধ্যে প্ৰাণ আহুতি দিছে । সেইগৰাকী ছহিদৰ স্মৃতিত তেওঁৰ ঘৰৰ চোতালত নিৰ্মাণ কৰা স্মৃতিসৌধেই যেন বহন কৰিছে দেশপ্ৰেমৰ গৌৰৱ আৰু অহংকাৰ ।
দেশৰ বাবে অহৰহ যুঁজি থকা নিজৰ মনৰ মানুহজনক লৈয়ো গৰ্বিত সৈনিসকলৰ পত্নী । সততে ঘৰলৈ আহিব নোৱাৰা সেইসকল যোদ্ধালৈ মনত পৰিলেই কণমাণিটিৰ পৰা জ্যেষ্ঠ সকলো যেন এক প্ৰকাৰ আৱেগিক হৈ পৰে । সেয়ে ঘৰৰ দেৱালত আঁৰি ৰাখে সেইসকল বীৰ পুৰুষৰ ফটো । গাঁৱখনৰ নতুন প্ৰজন্মৰ মাজতো সেই একেই উৎসাহ,একেই হেঁপাহ । দেশ মাতৃৰ সেৱাত নিয়োজিত এই যুৱকসকলক লৈ সকলো আজি গৰ্বিত । অগ্ৰজৰ পথেৰেই এই গাঁৱৰ অনুজসকলেও দেশ আৰু দহৰ স্বাৰ্থত সেনা বাহিনীতে যোৱাৰ পণ লৈছে ।