ETV Bharat / state

ইছলাম ধৰ্মত কাজীৰ কোনো দৰকাৰেই নাই ! - লখিমপুৰ

কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা ৷ কাজীৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ মহিলা অধিবক্তাগৰাকীৰ ।

কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা
author img

By

Published : Jun 26, 2019, 8:24 PM IST

লখিমপুৰ, 26 জুন : তিনি তালাক আৰু কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা ৷ বুধবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে কাজীৰ বিৰুদ্ধে জেহাদ মহিলা অধিবক্তা চাহিবা আহমেদৰ । কোৰানে কাজীক কোনো ক্ষমতাই দিয়া নাই, কাজীয়ে তালাকৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যবস্থা ল'ব নোৱাৰে বুলি উল্লেখ মহিলা অধিবক্তাগৰাকীৰ ৷ ইয়াৰ উপৰিও অধিবক্তাগৰাকীৰ নেতৃত্বতে আগন্তুক দিনত কাজীৰ বিৰুদ্ধে চলিব জোৰদাৰ অভিযান । প্ৰয়োজন সাপেক্ষে কাজীৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ মহিলা অধিবক্তাগৰাকীৰ ।

কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা

লগতে গুৱাহাটীৰ কাজীৰ কাৰ্যালয়ত মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনাও সংঘটিত হৈ আহিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে । ইপিনে তিনি তালাকৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে শাসনাধিস্থ বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ লোৱাৰ লগতে কাজীৰ ওপৰত কঠোৰ ব্যবস্থা ল'বলৈও দাবী জনায় চাহিবা আহমেদে ।

Intro:কাজীৰ বিৰুদ্ধে লখিমপুৰত জেহাদ ঘোষণা মহিলা অধিবক্তাৰ । কাজীয়ে কোৰাণৰ নিয়ম উলংঘা কৰি চলাই আছে কামকাজ Body:

বুধবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত womens for women নামৰ সংগঠনটোৰ বেনাৰত সংবাদমেল যোগে এই জেহাদ মহিলা অধিবক্তা চাহিবা আহমেদৰ । কাজীয়ে তালাকৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যবস্থা লব নোৱাৰে বুলি উল্লেখ কৰি চহিবা আহমেদে লগতে কয় _কোৰানে কাজীক কোনো ক্ষমতাই দিয়া নাই ।ইয়াৰ উপৰিও অধিবক্তা গৰাকীৰ নেতৃত্বতে আগন্তুক দিনত কাজীৰ বিৰুদ্ধে চলিব জোৰদ্বাৰ অভিযান ।প্ৰয়োজন সাপেক্ষে ভাঙি দিয়া হব কাজীৰ কাৰ্য্যালয়
। একেদৰে গুৱাহাটীৰ কাজীৰ কাৰ্য্যালয়ত মহিলাৰ ওপৰত বলাত্কাৰৰ দৰে কাণ্ড সংঘটিত হৈ আহিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে অধিবক্তা চাহিবা আহমেদে ।Conclusion:তিনি তালাকৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে শসনাধিস্ত চৰকাৰ খনৰ শলাগ লোৱাৰ লগতে কাজীৰ ওপৰত কঠোৰ ব্যবস্থা লবলৈও অধিবক্তা গৰাকীয়ে দাবী জনাই ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.