ETV Bharat / state

প্ৰদীপ হাজৰিকাৰ সন্ধানত মহাবাহুত অব্যাহত উদ্ধাৰ অভিযান - বনপুৰৈ-জামুগুৰিত গৰাখহনীয়া

প্ৰদীপ হাজৰিকাৰ সন্ধানত ইতিমধ্যে SDRF ৰ দলে দিনে নিশাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত চলাইছে উদ্ধাৰ অভিযান ৷ সন্ধানহীন যুৱকজনৰ পিতৃ নগেন হাজৰিকাক দুৰ্ঘটনাস্থলীতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ এক লাখ টকা আৰু নিজাববীয়াকৈ পঞ্চাশ হাজাৰ টকা আগবঢ়াই বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

নিৰুদিষ্ট পুত্ৰক বিচাৰি কান্দোন ভাগি পৰিল পিতৃ

author img

By

Published : Jun 14, 2021, 4:12 PM IST

লখিমপুৰ, 14 জুন : নাৰায়ণপুৰত ৪৮ ঘন্টা ধৰি সন্ধান নাই মাজুলিৰ এজন যুৱকৰ ৷ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত গৰাখহনীয়া প্ৰতিৰোধী কৰ্মত নিয়োজিত হৈ আছিল মাজুলীৰ শালমৰাৰ প্ৰদীপ হাজৰিকা নামৰ এজন ২২ বছৰীয়া যুৱক ৷ যুৱকজনে ১১ জুনত কৰ্মৰত অৱস্থাত নাৱৰ পৰা পিচলি ব্ৰহ্মপুত্ৰত পৰি গৈছিল ৷ মাজুলীৰ শালমৰাৰ পৰা আজি পুত্ৰৰ সন্ধানত আহি বনপুৰৈ-জামুগুৰিত উপস্থিত হয় পিতৃ । সেই সময়ত এক শোকাকুল পৰিবেশে বিৰাজ কৰে অঞ্চলটোত। একমাত্ৰ সন্তানৰ সন্ধানত কান্দোনত ভাগি পৰে পিতৃ নগেন হাজৰিকা । সকলোৱে বুজাবলৈ চেষ্টা চলাইছে মানুহজনক । ঘটনাস্থলীত উপস্থিত হৈ নিৰুদিষ্ট যুৱকজনৰ পিতৃক গভীৰ সমবেদনা জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ লগত চৰকাৰ সদায় থাকিব বুলি আশ্বাস প্ৰদান কৰে বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

নিৰুদিষ্ট পুত্ৰক বিচাৰি কান্দোন ভাগি পৰিল পিতৃ

প্ৰদীপ হাজৰিকাৰ সন্ধানত ইতিমধ্যে SDRF ৰ দলে দিনে নিশাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত চলাইছে উদ্ধাৰ অভিযান ৷ ইয়াৰ মাজতে মাজুলীৰ শালমৰাৰ পৰা আহি ঘটনাস্থলিত উপস্থিত হোৱা সন্ধানহীন যুৱকজনৰ পিতৃ নগেন হাজৰিকাক দুৰ্ঘটনাস্থলীতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ এক লাখ টকা আৰু নিজাববীয়াকৈ পঞ্চাশ হাজাৰ টকা আগবঢ়াই বিধায়কগৰাকীয়ে ৷ আনহাতে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত চৰকাৰ আৰু জনপ্ৰতিনিধিগৰাকী সদায় থাকিব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.