ETV Bharat / state

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ - LAKHIMPUR GOHPUR POLICE

৩০ টন লোহা লৈ ১৮ জুনত অসমলৈ ৰাওনা হৈছিল ট্ৰাকখন,তাৰপিচতে ট্ৰাকখন সন্ধানহীন হৈছিল লোহাসহ ৷

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ
author img

By

Published : Jun 24, 2019, 2:09 PM IST

লখিমপুৰ,24 জুনঃ ক'লকাতাৰ পৰা গহপুৰলৈ আহি থকা এখন লোহাভৰ্তি ট্ৰাক উদ্ধাৰ হয় লখিমপুৰৰ লালুকত । চালকক হাত-ধৰি বান্ধি দুৰ্বৃত্তই অপহৰণ কৰিছিল ট্ৰাকখন ৷ কলকাতাৰ গৌৰখপুৰৰ ৰেশমী ফেক্টৰীৰ পৰা ফ'ৰলেন যুক্ত পথৰ নিৰ্মাণৰ বাবে ৩০ টন লোহা লৈ ১৮ জুনত ৰাওনা হৈছিল ট্ৰাকখন৷ ইয়াৰ পিচতে অসমলৈ আহি থকা ট্ৰাকখনৰ চালকক শ্ৰীৰামপুৰ সীমান্তত দুৰ্বৃত্তই হাত-ভৰি বান্ধি পেলাই পথৰ কাষত পেলাই থৈ লোহা ভৰ্তি ট্ৰাকখন লৈ উধাও হয় ৷

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ

পিচত চালকজনে ট্ৰাক মালিকলৈ ফোন কৰি গাড়ী অপহৰণ হোৱাৰ কথা জনায়৷ অৱশেষত দেওবাৰে নিশা পৰিত্যক্ত অৱস্থাত ট্ৰাকখন উদ্ধাৰ হয় লখিমপুৰৰ লালুকৰ ইছলামপুৰৰ লালুক-বিহপুৰীয়া সংযোগী পথত৷ দুৰ্বৃত্তই ট্ৰাকখনৰ লোহা বিক্ৰী কৰি খালি ট্ৰাকখন লালুকৰ ৰাজপথৰ কাষত এৰি থৈ উধাও হয়৷ পিচত গহপুৰ আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত ট্ৰাকখন উদ্ধাৰ কৰি চালকজনক সোধাপোচা অব্যাহত ৰাখিছে৷ ৰাজপথৰ পৰা ট্ৰাক অপহৰণ কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ক'লকাতাৰ পৰা গহপুৰলৈ  আহি থকা ট্ৰাক হাইজেক কৰা ট্ৰাক উদ্ধাৰ হল লখিমপুৰৰ লালুকত। চালকক চকু-মুখ, হাত-ধৰি বান্ধি দুৰ্বৃত্তই হাইজেক কৰিছিল ট্ৰাকখন ৷ কলকাতাৰ গৌৰখপুৰৰ ৰেশমী ফেক্টৰীৰ পৰা ফৰ লেন যুক্ত পথৰ নিৰ্মানৰ বাবে ৩০ টন ৰ'ড লৈ ১৮ জুনত ৰাওনা হৈছিল ট্ৰাকখন ৷ দুৰ্বৃত্তই ট্ৰাকখনৰ ড্ৰাইভাৰক হাত-ভৰি বান্ধি পেলাই দি ৰ'ড ভৰ্তি ট্ৰাকখন লৈ উধাও হয় ৷ শ্ৰীৰামপুৰ সীমান্তৰ পৰা চালকজনে ট্ৰাক মালিকলৈ ফোন কৰি গাড়ী হাইজেক হোৱাৰ কথা জনায় ৷ অৱশেষত যোৱা নিশা পৰিত্তক্ত অৱস্থাত ট্ৰাকখন উদ্ধাৰ হয় লখিমপুৰৰ লালুকৰ ইছলামপুৰৰ লালুক-বিহপুৰীয়া সংযোগী পথত ৷ দুৰ্বৃত্তই ট্ৰাকখনৰ ৰ'ড বিক্ৰী কৰি খালি ট্ৰাকখন লালুকৰ ৰাজপথৰ কাষত এৰি থৈ উধাও হয় ৷ গহপুৰ আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত ট্ৰাক খন উদ্ধাৰ কৰি চালক জনক সোধাপোচা অব্যাহত ৰাখিছে ৷ ৰাজপথৰ পৰা ট্ৰাক হাইজেক কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.