লখিমপুৰ,9 মাৰ্চঃ সৰ্ব জনগোষ্ঠীয়, সৰ্বজাতি-ধৰ্মী আৰু ভিন্ন ধৰ্ম-ভাষাৰ লোক সমাজক সামৰি এক অ-সাম্প্ৰদায়িক প্ৰগতিশীল দল গঠনৰ উদ্দেশ্যে প্ৰায় ১৮খন জিলা সমিতি গঠন কৰি সোমবাৰে লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হয় ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা ৷
অধিবক্তাগৰাকীয়ে বিভিন্ন নেতাৰে গুৰুত্বপূৰ্ণ আলোচনাত তাৎক্ষণিকভাৱে মিলিত হয় ৷ নতুন ৰাজনৈতিক দল গঠনৰ উদ্দেশ্যে অনুষ্ঠিত আলোচনা সভাত অৰ্ধ-শতাধিক অগপ সদস্য উপস্থিত থাকে ৷
উল্লেখ্য যে, বহাগ বিহুৰ পূৰ্বে আনুষ্ঠানিকভাৱে মুকলি হ’বলগীয়া দলটোৱে আগন্তুক ২১ৰ নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়াব ৷ আলোচনাৰ অন্তত গঠন হ’বলগীয়া দলটোৰ সম্পৰ্কত মন্তব্য কৰাৰ লগতে ৰাজ্যসভাৰ প্ৰাৰ্থীত্বৰ বাবে অৰূপ বৰবৰাৰ নাম উচ্চাৰণ হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্তবিশ্বক সমালোচনা কৰে জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ৷
লগতে চাওকঃবাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা