বিহপুৰীয়া,1 অক্টোবৰ: মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকুপুখুৰীত উপস্থিত হৈছে উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ বৰাই জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে মহাপুৰুষ জনাৰ জন্মস্থানত বৃহস্পতিবাৰে উপস্থিত হয় ৷ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত বহু বিষয়ত মন্তব্য প্ৰকাশ কৰে ৷
কিন্তু উত্তৰ প্ৰদেশৰ গণধৰ্ষণৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত বিষয়টোৰ পৰা ফালৰি কাটে নেতাগৰাকীয়ে ৷ তদুপৰি ৰামৰাজ্যত সংঘটিত এনে জঘন্য ঘটনাৰ বাবে কৰা প্ৰশ্নই তাচ্ছিল্য কৰা বুলি কৌশলপূৰ্ণ উত্তৰ প্ৰদান কৰে সত্যৰঞ্জন বৰাই ৷ পূৰ্বে অসমতো ঘটি যোৱা এনে বহু ঘটনাৰ উদাহৰণ দাঙি ধৰি সেই সময়ত সকলো নিমাত থকা বুলি একপ্ৰকাৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে বৰাই ৷
লগতে চাওকঃ অৱশেষত জালত পৰিল দ্বিবন ডেকা