ETV Bharat / state

নাৰায়নপুৰৰ মণি দত্ত আইতাক চিনি পাইনে ?

লখিমপুৰৰ নাৰায়নপুৰৰ দোপ্ৰাং নদীৰ পাৰত অকলশৰে বাস কৰে মণি আইতাই ৷

NARAYANPUR LONELY GRANDMOTHER
author img

By

Published : Aug 18, 2019, 7:48 PM IST

বোকা-পানী, হাবি-জংঘলৰ মাজতেই আইতাৰ বাসগৃহ ৷ আইতাৰ মুখত ভুৱন ভুলোৱা হাঁহি ৷ ৰচকী আইতাৰ হাঁহিত যেন মুকুটা মণি সৰে ৷ পিছে, আইতাৰ এই হাঁহিমুখীয়া মুখখনৰ আঁৰত আছে অন্তহীন বেদনাৰ গাঠা ৷ দোপ্ৰাং নদীৰ পাৰত অকলশৰে বাস কৰা আইতাই আজিলৈকে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সুবিধা ৷ কিন্তু খবৰ নাই স্থানীয় বিধায়ক দেৱনন্দ হাজৰিকাৰ ৷

Intro:এগৰাকী বয়োবৃদ্ধ মহিলা ৷ নাম মণি দত্ত৷ আছে ভোটাধিকাৰ নাপায় চৰকাৰী সুবিধা৷ এমুঠি অন্নৰ বাবেও হাহাকাৰ আইতাগৰাকীৰ৷ বোকা-পানী, হাবি-জংঘলৰ মাজতেই আইতাৰ বাসগৃহ৷Body:বাৰে-বাৰে বিহপুৰীয়াৰ বিধায়কৰ নাম লৈ চকুলো টুকে আইতাগৰাকীয়ে৷ হাঁহিত মুকুতা সৰা আইতাগৰাকীৰ চকুত এতিয়া চকুলোৰ বন্যা, বুকুত পুত্ৰৰ দ্বাৰা অৱহেলিত হোৱাৰ শোক৷ আইতাগৰাকীয়ে অকলশৰে বাস কৰে নাৰায়ণপুৰৰ দোপ্ৰাং নদীৰ পাৰৰ এটি জুপুৰিত৷ নিজ পুত্ৰ - বোৱাৰী থকাৰ পিছতো এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লাগে হয় ৭০ উদ্ধৰ অইতাগৰাকীয়ে৷ স্বামীহাৰা আইতগৰাকীৰ পুত্র স্বাস্থ্য বিভাগৰ মৃত্যুঞ্জয় সেৱাৰ চালক৷ আনৰ মৃত্যুক জয় কৰা সন্তানে নিজ মাতৃক ঠেলি দিছে মৃত্যুৰ মুখলৈ৷ উৰুখা পঁজাত বসবাস কৰা আইতাগৰাকীয়ে এটা চৰকাৰী আবাস গৃহৰ বাবে পঞ্চায়তৰ লগতে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা কাষলৈ তাঁতবাতি কৰি ভাগৰি পৰি অৱশেষত জীয়াই থকাৰ বাসনাকেই ত্যাগ কৰিছে৷ জীৱনৰ বিয়লি বেলাত বিভিন্ন ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে ভাগৰি পৰা এইগৰাকী দুৰ্ভগীয়া আইতাক প্ৰয়োজন কোনো সদাশয় ব্যক্তি অথবা চৰকাৰী পক্ষৰ সহায়ৰ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.