ETV Bharat / state

শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ বাবে সাজু নাৰায়ণপুৰ

author img

By

Published : Nov 18, 2020, 4:12 PM IST

লখিমপুৰ নাৰায়ণপুৰত শ্ৰী কৃষ্ণ ৰাসলীলাৰ পূৰ্ণ প্ৰস্তুতি ৷ 29 আৰু 30 নৱেম্বৰত নাৰায়ণপুৰৰ জয়পুৰ পিছলাত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা ৷ জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে ক'ভিড প্ৰট'কল ৰক্ষা কৰি অনুষ্ঠিত কৰা হ'ব ৰাসোৎসৱ ৷

শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ বাবে সাজু নাৰায়ণপুৰ

বিহপুৰীয়া, 18 নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰৰ নাৰায়ণপুৰত পুৰ্ণোদ্যমে চলিছে প্ৰস্তুতি ৷ 29 আৰু 30 নৱেম্বৰত জয়পুৰ পিছলাত শ্ৰীকৃষ্ণ ৰাসলীলা অনুষ্ঠিত কৰাৰ বাবে আয়োজক সকলে পুৰ্ণোদ্যমে ৰাসৰ আখৰা অব্যাহত ৰাখিছে ৷ আয়োজক সকলে জানিবলৈ দিয়া মতে ক'ভিড অতিমাৰী সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে ক'ভিড প্ৰট'কল ৰক্ষা কৰি নাৰায়ণপুৰৰ জয়পুৰ-পিছলাৰ শ্ৰীশ্ৰী সৰ্বমনস্কামনা পূৰ্ণ শিৱ মন্দিৰৰ উদ্যোগত এইবাৰৰ ৰাস অনুষ্ঠিত কৰা হ’ব ৷

উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰ নাৰায়ণপুৰত ৰাস আয়োজনৰ ক্ষেত্ৰত উৎসাহ কিছু ম্লান পৰিছে যদিও চলিত বৰ্ষত এঘাৰ বছৰত ভৰি দিয়া শ্ৰীশ্ৰী সৰ্বমনস্কামনা পূৰ্ণ শিৱ মন্দিৰৰ উদ্যোগত ৰাসোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ আয়োজক সকলে জানিবলৈ দিয়ে যে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প এইবাৰৰ ৰাসৰ মুখ্য আকৰ্ষণ হ'ব ৷ ইয়াৰ লগতে ৰাজ্যৰ বিশিষ্ট অভিনেতা অতুল পাচনী আৰু অভিনেত্ৰী ভ্ৰান্তি মেধীয়েও ৰাসোৎসৱত অভিনয় কৰিব বুলি আয়োজক সমিতিৰ লোকসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জুইৰে ছবি অংকন কৰি জুবিনক উপহাৰ নিৰ্জুৰাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.