ETV Bharat / state

অস্তিত্বৰ সংকটত পক্ষীতীৰ্থ শতজান - Satajan wetland

পক্ষী পৰ্যবেক্ষকসকলৰ মতে শতজান জলাশয়লৈ ১১বিধ পৰিভ্ৰমী পক্ষীৰ লগতে ২৩বিধ স্থানীয় পক্ষীৰ আগমন ঘটিছে ৷ কিন্তু মানৱ জাতিৰ ভোগ বিলাসত সম্প্ৰতি শতজান জলাশয় অস্তিত্বৰ সংকটত ।

as_nlp_Naoboicha_Satajan_wetland_is_in_danger_asc10037
অস্তিত্বৰ সংকটত পক্ষীতীৰ্থ শতজান
author img

By

Published : Dec 1, 2020, 9:53 PM IST

লখিমপুৰ,1 ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশী- বিদেশী পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে অসমৰ নদ-নদী ,বিল,জলাশয়সমূহ ৷ একেদৰে লখিমপুৰৰ ৰঙানদী পহুমৰা সমীপৰ শতজান জলাশয়ো মুখৰিত হৈ পৰিছে পৰিভ্ৰমী পক্ষীৰ কাকলিত ৷ বৰ্তমান চাকৈ চকুৱা, ডাউক, চুইকাজ, ক্ৰেল, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, শৰালি, পানীকাউৰী, মাছৰোকা আদিৰ উপৰিও বিদেশী পক্ষীৰ আগমনে শতজানক ৰূপান্তৰিত কৰিছে পক্ষীতীৰ্লৈ ৷

as_nlp_Naoboicha_Satajan_wetland_is_in_danger_asc10037
শতজানত অহা পৰিভ্ৰমী পক্ষীৰ জাক

পক্ষী পৰ্যবেক্ষকসকলৰ মতে শতজান জলাশয়লৈ ১১বিধ পৰিভ্ৰমী পক্ষীৰ লগতে ২৩বিধ স্থানীয় পক্ষীৰ আগমন ঘটিছে ৷ কিন্তু মানৱ জাতিৰ ভোগ বিলাসত সম্প্ৰতি শতজান জলাশয় অস্তিত্বৰ সংকটত । বিশিষ্ট প্ৰকৃতিবিদ বালিৰাম গগৈয়ে জীৱিত কালত জলাশয়টো নিজা উদ্যোগত তদাৰকৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু তেখেতৰ মৃত্যুৰ পিছত মৃত্যুত চোৱা-চিতা কৰিবলৈ কোনো নথকাত বিগত বৰ্ষৰ তুলনাত এইবাৰ আলহী পক্ষী আগমন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷

অস্তিত্বৰ সংকটত পক্ষীতীৰ্থ শতজান

আনহাতে ৰঙানদী প্ৰকৃতি সুৰক্ষা সমিতিয়ে জলাশয়টো নিৰীক্ষণৰ বাবে টাৱাৰ, নিৰীক্ষণ চকী, বাউণ্ডেৰী ৱালৰ লগতে বন বিভাগৰ নিৰাপত্তাৰক্ষীৰ দ্বাৰা শতজান জলাশয়ৰ পহৰা ব্যৱস্থা কৰিবলৈ দাবী জনাইছিল যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ ইয়াৰ পিছতো প্ৰতি বছৰে শীতৰ সময়ছোৱাত দিন ৰাতি একাকাৰ কৰি শতজানক প্ৰাণৱন্ত কৰি তোলো পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে ৷

লগতে পঢ়ক-BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.