লক্ষিমপুৰ,১৩ জুলাই: সমগ্ৰ ৰাজ্যত বিপদ সীমাৰ ওপৰেদি বৈছে লুইতৰ পানী ৷ সম্প্ৰতি বানত যমৰ-যাতনা ভুগিব লগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ লগতে চৰম জল সংকটৰ সন্মুখীন হৈছে জনসাধাৰণ ৷ এই একে সময়তে নেৰানেপেৰা বৰষুণত ওফন্দি উঠিছে নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্প ৷ যিকোনো মুহূৰ্তে দেখা দিব পাৰে ভয়ংকৰ বিপদে ৷
নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ পানীক লৈ ইতিমধ্যে শংকিত ধেমাজি,মাজুলী,লখিমপুৰৰ নৈ পৰীয়া জনতা ৷ লগতে অসম তথা অৰুণাচল প্ৰদেশত বৰষুণ অব্যাহত থাকিলে নিৰ্মীয়মাণ জলবিদ্যুত প্ৰকল্পৰ ওপৰেদি পানী বাগৰাৰ আশংকা কৰা হৈছে৷