বিহপুৰীয়া,19 আগষ্ট: বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত অঘটন । ৰহস্যজনকভাৱে শুকাই গৈছে সত্ৰ খনৰ চৌহদত থকা শ শ বছৰীয়া শতাধিক নাহৰ গছ ৷ বছৰ বছৰ ধৰি সৌন্দৰ্য বহন কৰি অহা নাহৰ গছবোৰৰ অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ হস্তক্ষেপ বিচাৰিছে চৰকাৰ তথা বন বিভাগৰ ৷ সত্ৰখনত প্ৰায় দুশ-তিনিশ বছৰৰ পূৰ্বেই ৰোপণ কৰা হৈছিল ঐতিহ্য বহনকাৰী এই নাহৰ গছসমূহ ।
মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰী বদলা পদ্মআতাৰ দ্বাৰা স্থাপিত সত্ৰখনৰ চৌহদত থকা এই নাহৰবাৰীখনে সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে সুগন্ধিময় নাহৰৰ ফুল ব্যৱহাৰ হৈ আহিছিল সত্ৰৰ মাংগলিক কাম-কাজত ৷ শেহতীয়াকৈ সত্ৰখনৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে এই নাহৰবাৰীৰ সহিতে ৪৪ বিঘা মাটি দান কৰিছিল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ নামত৷ ফলত উক্ত মাটিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ নেতৃত্বত আৰম্ভ হ'ল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷
নিৰ্মাণ কাৰ্যৰ নক্সা অনুসৰি বহুবছৰীয়া নাহৰ গছসমূহ শোভাবৰ্ধনৰ বাবে সংৰক্ষণ কৰাৰ কথা আছিল ৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে যোৱা প্ৰায় এটা সপ্তাহৰ পৰা মৃত্যুমুখী হৈছে ইতিহাসক কঢ়িয়াই ফুৰা নাহৰ গছসমূহ ৷ অস্বাভাৱিক হাৰত শতাধিক নাহৰ গছ এনেদৰে শুকাই যাবলৈ আৰম্ভ কৰাৰ ঘটনাই ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
একাংশৰ সন্দেহ কলাক্ষেত্ৰ নিৰ্মাণৰ নামত ব্যৱহাৰ হোৱা অত্যাধুনিক যন্ত্ৰাংশই সত্ৰ চৌহদত চলোৱা খননৰ ফলত নাহৰ গছসমুহ শুকাই যোৱাৰ বিপৰীতে আন একাংশই এই কাৰ্যৰ লগত কোনো দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। কাৰণ যিয়েই নহওঁক কিয় বিভাগীয় তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। আনহাতে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰাৰ লগতে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়কঃ কিয় কেঁচা চাহপাত ৰাজপথত পেলাই দিলে ক্ষুদ্ৰ চাহ খেতিয়কে ?