ETV Bharat / state

Pranab Saikia Death Case:প্ৰণৱ শইকীয়াৰ হত্যাকাৰীৰ বাসগৃহ উচ্ছেদৰ দাবী ৰঙাজান মুছলমান সমাজৰ - প্ৰণৱ শইকীয়া

প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক ফাঁচিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে লখিমপুৰত ৷ প্ৰণৱ শইকীয়াৰ হত্যাকাৰীৰ বাসগৃহ উচ্ছেদৰ দাবীৰে প্ৰতিবাদ ৰঙাজানৰ মুছলমান সমাজৰ ৷ ‘অপৰাধীৰ কোনো জাতি ধৰ্ম নাই ৷ অপৰাধী সদায় অপৰাধীয়ে ৷’ প্ৰতিবাদকাৰী মুছলমান সমাজৰ এই দাবী ৷

Protest in Rangajan
প্ৰণৱ শইকীয়াৰ হত্যাকাৰীৰ বাসগৃহ উচ্ছেদৰ দাবী ৰঙাজান মুছলমান সমাজৰ
author img

By

Published : Jul 29, 2023, 7:45 PM IST

প্ৰণৱ শইকীয়াৰ হত্যাকাৰীৰ বাসগৃহ উচ্ছেদৰ দাবী ৰঙাজান মুছলমান সমাজৰ

লখিমপুৰ, ২৯ জুলাই: প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক ফাঁচিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে লখিমপুৰত ৷ শুকুৰবাৰে নিশা ছাগলী চোৰ কৰিবলৈ গৈ প্ৰণৱ শইকীয়া নামৰ যুৱকক হত্যা কৰিছিল চোৰে ৷ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীৰে শনিবাৰে ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুই অভিযুক্তক ইতিমধ্যে আটক কৰিছে ৷ তাৰ পাচত কিছু ক্ষান্ত হয় যদিও ৰঙাজানৰ মুছলমান সমাজে পুনৰ সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰণৱ শইকীয়াৰ হত্যা কাণ্ডত অভিযুক্ত আইজুলৰ বাসগৃহ উচ্ছেদ কৰাৰ দাবীৰে প্ৰতিবাদ ৰঙাজানৰ মুছলমান সমাজৰ । লগতে অপৰাধীক ফাঁচি দিয়াৰ দাবী তুলিলে প্ৰতিবাদকাৰী ৰাইজে ৷ ইফালে হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট কৰিব খোজা সকলৰ প্ৰতি হুংকাৰ ৰঙাজানবাসীৰ । ‘‘অপৰাধীৰ কোনো জাতি ধৰ্ম নাই ৷ অপৰাধী সদায় অপৰাধীয়ে ৷ আমি হিন্দু মুছলমানে ভাই ভাই হিচাপে জীয়াই আছো ৷ কিন্তু এজন বা দুজন বেয়া লোকৰ বাবে ভাতৃত্ববোধ আমি ভংগ হ’বলৈ নিদিও ৷ আমাৰ ধৰ্ম আছে অপৰাধীয়ে সেয়ে ধৰ্ম বিশ্বাস নকৰে ৷ এনে লোকে আমাৰ মাজত পিছলৈ হিংসা বিয়পাব ৷ প্ৰশাসনে এনে অপৰাধীৰ ঘৰ শীঘ্ৰে উচ্ছেদ কৰিব লাগে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী মুছলমান সমাজৰ ৷

শনিবাৰে অভিযুক্ত আইজুল ৰহমানৰ বাসগৃহ ঘেৰাও কৰি বৃহত্তৰ ৰঙাজানৰ ৰাইজ ওলাই আহে ৷ ৰাইজৰ অভিযোগ, পূৰ্বেও বহুবাৰ জেইললৈ গৈছে আইজুল ৷ কেইদিন মান জেইল থাকি ওলাই আহে, আকৌ অপৰাধত নামি পৰে ৷ যুগে যুগে হিন্দু মুছলমানে ইয়াত শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে । তেনে পৰিৱেশক এনে ঘৃণনীয় কাৰ্যৰে চফিক, আইজুল আদিৰ দৰে নষ্ট চৰিত্ৰৰ যুৱকে বিনষ্ট কৰিব বিচাৰিছে ।

লগতে পঢ়ক:Road Blocked in Lakhimpur : প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডক লৈ উত্তপ্ত লখিমপুৰ; পথ অৱৰোধ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.