ETV Bharat / state

লখিমপুৰত চাৰি মাহত গ্ৰেপ্তাৰ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী - বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো ভয়ংকৰভাৱে শিপাইছে ড্ৰাগছে ৷ শনিবাৰে লখিমপুৰত মাৰাত্মক ড্ৰাগছ সৰবৰাহত শিশুক ব্যৱহাৰ সন্দৰ্ভত দেওবাৰে এক সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী বিভাগে কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে (Drugs peddler in Lakhimpur)।

Anti Drugs Mission in Lakhimpur
লখিমপুৰত চাৰি মাহত গ্ৰেপ্তাৰ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : May 1, 2022, 9:49 PM IST

লখিমপুৰ, 1 মে’: নগাঁৱত ঘাটি পাতি লখিমপুৰলৈ নিতৌ সৰবৰাহ হয় ড্ৰাগছ । শনিবাৰে লখিমপুৰত মাৰাত্মক ড্ৰাগছ সৰবৰাহত শিশুক ব্যৱহাৰ সন্দৰ্ভত দেওবাৰে এক সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী বিভাগে কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে (Child drugs peddler in Lakhimpur)। এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত সম্বোধন কৰা সংবাদমেলখনত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে কয় যে, চলিত বৰ্ষটোত লখিমপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰে তিনি কেজি হেৰ’ইন, কুইন্টলৰো অধিক গাঞ্জা ।

লখিমপুৰত চাৰি মাহত গ্ৰেপ্তাৰ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা ছখন চাৰিচকীয়া বাহনসহ ভালেকেইখন বাইক আৰু বহু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত শনিবাৰে ড্ৰাগছসহ তিনিজনক আটক কৰা হয় (Drugs peddler in Lakhimpur)। লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি সৰবৰাহকাৰীক ৷ ৪০ টা কন্টেইনাৰ তথা ৫.০৪ গ্ৰাম সন্দেহজনক নিষিদ্ধ হেৰ'ইনসহ মাজুলীৰ ৰমা গাম, বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ী, লালুকৰ জীতেন বিশ্বাসক আটক কৰে আৰক্ষীয়ে ৷

বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত সন্দেহজনক হেৰ'ইনসহ তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ চলিত বৰ্ষত এই মূহুৰ্তলৈকে প্ৰায় ১২৫ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে লখিমপুৰ আৰক্ষী ৷ ড্ৰাগছ ব্যৱসায়ৰ পৰা আঁতৰি অন্যান্য ভাল ব্যৱসায়ৰ জৰিয়তে কৰ্ম সংস্থাপন বিচাৰি ল’বলৈয়ো আহ্বান জনাইছে ৷ সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰুণা নেওগে ।

লগতে পঢ়ক: Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.