নাৰায়ণপুৰ,৩ জুন : লক ডাউনৰ মাজতে বুধবাৰে নাৰায়ণপুৰত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ আৰক্ষীয়ে অভিযান চলাই নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১৯.৫০ লাখ টকা ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,যুগল কিশোৰ আগৰৱালাই গুৱাহাটী আঠগাঁৱস্থিত ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা চুৰি কৰিছিল বৃহৎ পৰিমাণৰ ধনখিনি ৷ উল্লেখযোগ্য যে,নাৰায়ণপুৰৰ নিৰ্মল শইকীয়াই ২০১৬ চনৰ পৰা আগৰৱালা স্পাৰ্টছৰ দোকানত কৰ্মৰত আছিল ৷