লখিমপুৰ, ২৭ এপ্ৰিল : লখিমপুৰৰ ন আলি কৈৱৰ্ত গাঁৱত সোৱণশিৰি নদীৰ ভয়ংকৰ বান । দুৰ্গত লোকক উদ্ধাৰ কৰিবলৈ দৌৰি আহিল এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনী । জিলা প্ৰশাসনে মাইক যোগে বন্যাৰ্তক ওখ ঠাইত আশ্ৰয় ল’বলৈ, বিতত নহবলৈ আহ্বান জনালে । উদ্ধাৰকাৰী বাহিনী, চিকিৎসা বিভাগকে ধৰি সকলো উবুৰি খাই পৰিল দুৰ্গত লোকক সহায় কৰাত ৷
বৃহস্পতিবাৰে লখিমপুৰ নগৰৰ সমীপৰ ন আলি কৈৱৰ্ত গাঁৱত সোৱণশিৰি নদীয়ে সৃষ্টি কৰিলে ভয়ংকৰ বানৰ ত্ৰাস । খবৰ পায়েই জিলা প্ৰশাসন, আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনী, চিকিৎসা বিভাগ সকলো দৌৰি আহিল । মাইক যোগে জিলা প্ৰশাসনে বন্যাৰ্তক অভয় দি উদ্ধাৰকাৰী বাহিনী গৈ পোৱালৈকে ওখ ঠাইত আশ্ৰয় ল’বলৈ আহ্বান জনালে । স্পীড বোট লৈ উদ্ধাৰকাৰী বাহিনী নামিল উদ্ধাৰ অভিযানত (Mock exercise on Assam flood disaster) ।
বৃহস্পতিবাৰৰ লখিমপুৰ ৰ ন আলি কৈৱৰ্ত গাঁৱৰ দৃশ্য এইয়া । পিছে দৰাচলতে অঞ্চলটোত তেনে কোনো প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি হোৱা নাছিল । সেইয়া আছিল জিলা প্ৰশাসনৰ বান দুৰ্যোগ ব্যৱস্থাপনাৰ এক অনুশীলনহে (Assam flood rescue exercise) । ন আলি কৈৱৰ্ত্ত গাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত দুৰ্যোগ ব্যৱস্থাপনাৰ এই অনুশীলন হয় । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে লখিমপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদোগত লখিমপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৩ নং ন আলি কৈৱৰ্ত্ত গাৱঁত বৃহস্পতিবাৰে বান সজাগতা শীৰ্ষক এক অনুশীলনৰ আয়োজন কৰা হয় ৷
এই অনুশীলনত এন ডি আৰ এফ, এচ ডি এৰ এফ, প্ৰশাসন, গৃহৰক্ষী বাহিনী, জনস্বাস্থ্য বিভাগ, পৰিবহন, লোকনিৰ্মাণ বিভাগ আৰু স্থানীয় জনসাধাৰণে অংশ গ্ৰহণ কৰে ৷ এই অনুশীলনৰ জৰিয়তে বানৰ সময়ত দুৰ্গত লোকসকলক সহায় কৰিবলৈ কেনেকৈ উদ্ধাৰ কাৰ্য কৰা হয় তাৰ ওপৰত এক অনুশীলন আগবঢ়োৱা হয় ৷ ইয়াৰ ওপৰিও অনুশীলনৰ অংশ স্বৰূপে আশ্ৰয় শিবিৰ, শিশু উমলা ঘৰ, দুগ্ধপান কেন্দ্ৰ , চিকিৎসা শিবিৰ আদিৰ উপস্থাপন কৰে৷ লখিমপুৰ জিলাৰ উপায়ুক্তৰ সুমিত সাত্তাৱন আৰু অতিৰিক্ত উপায়ুক্তৰ সঞ্জীৱ দলৈৰ তত্ত্বাৱধানত সম্পন্ন হোৱা অনুষ্ঠানটোত লখিমপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জিলা পৰিবহন বিষয়া, এন ডি আৰ এফ, এচ ডি এৰ এফ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়া সকলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Section 144 imposed in Manipur : মণিপুৰত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট কৰ্তন