ETV Bharat / state

টোলগেট সম্পৰ্কত বিধায়ক দেবানন্দ হাজৰিকাৰ মন্তব্য

author img

By

Published : Nov 6, 2020, 3:12 PM IST

ৰাজ্যত ভিন্ন স্থানত স্থাপন কৰা টোলগেটক লৈ বিভিন্ন মহলে ভিন ভিন মন্তব্য কৰাৰ মাজতে বিজেপিৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাৰ বিশেষ মন্তব্য ৷ টোলগেট সমূহত উচ্চ হাৰত কৰ সংগ্ৰহ কৰা কাৰ্যক লৈ বিধায়ক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে ৷ লক্ষিমপুৰৰ নাৰায়ণপুৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথালিপাহাৰত স্থাপন কৰা টোলগেটে কৃষক ৰাইজক হাৰাশাস্তি কৰাৰ সম্ভাৱনা ৷

টোলগেট সম্পৰ্কত বিধায়ক দেবানন্দ হাজৰিকাৰ মন্তব্য
টোলগেট সম্পৰ্কত বিধায়ক দেবানন্দ হাজৰিকাৰ মন্তব্য

বিহপুৰীয়া, 6 নৱেম্বৰ: টোলগেটক লৈ বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰি অহাৰ সময়তে এক মন্তব্য আগবঢ়াইছে বিজেপিৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই ৷ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোল গেটক লৈ চৰকাৰক সমালোচনা বিজেপিৰ বিধায়কগৰাকীৰ ৷

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেট সমূহত উচ্চ হাৰত কৰ সংগ্ৰহ কৰা কাৰ্যক লৈ বিধায়ক গৰাকীয়ে কয় যে ৰাইজৰ সামৰ্থ অনুযায়ী কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰিলে ভাল ৷ তেওঁ লগতে কয় যে কোনোৱে সৰু গাড়ী এখন লৈ ওলাই গ’লেও যদি তিনিশ বা চাৰিশ টকা কৰ দিব লগা হয়, তেনেহলে সেয়া জনতাক ডকাইটি কৰা হৈছে ৷ এই সম্পৰ্কে চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে নাৰায়ণপুৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথালিপাহাৰত চৰকাৰে এখন টোলগেট স্থাপন কৰিছে ৷ গেটখনৰ সকলো কাম কাজ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু অতি শীঘ্ৰেই এই টোলগেটখন কৰ সংগ্ৰহৰ বাবে মুকলি কৰা হ’ব বুলি অনুমান কৰা হৈছে ৷ যিহেতু উক্ত পথেদি গৈ বান্দৰদেৱা অথবা হাৰমতী বজাৰত নাৰায়ণপুৰ অঞ্চলৰ গৰিষ্ঠসংখ্যক কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে ৷ সেয়ে টোলগেট খনত কৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হ'লেই অঞ্চলটোৰ কৃষক তথা ক্ষুদ্ৰ ব্যৱসায়ী সকল তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: দিবন ডেকাৰ জামিন আবেদন খাৰিজ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.