ETV Bharat / state

নাৰায়ণপুৰত অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ বিধায়ক অমিয় ভূঞা - অসমৰ ভূমিত অৰুণাচলী লোকে পুখুৰী খন্দা

অৰুণাচলী আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ বিধায়ক অমিয় ভূঞা ৷ অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ সীমান্তৱৰ্তী অৰুণাচলী লোকক সকীয়নি বিধায়ক অমিয় ভূঞাৰ ৷ অন্যথা অসমৰ মানুহ হাত সাৱতি বহি নাথাকে বুলি ধমক বিধায়কগৰাকীক ৷

mla-amiya-bhuyan-warn-arunachali-people
বিধায়ক অমিয় কুমাৰ ভূঞা
author img

By

Published : Jul 11, 2022, 10:19 PM IST

বিহপুৰীয়া, 11 জুলাই : নাৰায়ণপুৰত অসমৰ ভূমিত অৰুণাচলী লোকে পুখুৰী খন্দাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী দ্ৰোপাং অঞ্চলটোত আজিও অব্যাহত আছে চেপা উত্তেজনা ৷ বিধায়ক অমিয় ভূঞাই সোমবাৰে শতাধিক দলীয় কাৰ্যকৰ্তা আৰু আৰক্ষীক লগত লৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ তেওঁ অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ সীমান্তৱৰ্তী অৰুণাচলী লোকক সকীয়নি দিয়ে ৷ অন্যথা অসমৰ মানুহ হাত সাৱতি বহি নাথাকে বুলি ধমক দিয়ে বিধায়কগৰাকীয়ে(MLA Amiya Kumar Bhuyan) ৷

বিধায়ক অমিয় কুমাৰ ভূঞা

উল্লেখ্য যে, নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্ৰোপাঙত পষেক পূৰ্বে অৰুণাচলী লোকে অসমৰ ভূমি বেদখল কৰি বৃহৎ পুখুৰী খান্দিছিল(Arunachal aggressive on assam) ৷ সীমান্তৱৰ্তী অসমৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰাত ঘটনাস্থলীত অসমৰ আৰক্ষী উপস্থিত হৈ দুটাকৈ পুখুৰী খন্দাত ব্যৱহৃত ফকলেন জব্দ কৰিছিল ৷ অৰুণাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ সময়তে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই সোমবাৰে অঞ্চলটো পৰিদৰ্শন কৰি অৰুণাচলীক সকীয়নি দিয়ে ৷ আনহাতে সীমান্তৱৰ্তী অঞ্চল উন্নয়নতো গুৰুত্ব দিয়ে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : CM Himanta Biswa Sarma at Hojai: হোজাইৰ বানাক্ৰান্তলৈ 3,800 টকাৰ এককালীন সাহাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.