ETV Bharat / state

Mission Indradhanush in Lakhimpur : লখিমপুৰত 7 আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ - লখিমপুৰ জিলা

লখিমপুৰ জিলাত 7 আগষ্টৰ পৰা 12 আগষ্ট লৈ, 11 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰ আৰু 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ চলোৱা হ’ব মিছন ইন্দ্ৰধনুষ অভিযান ৷ বুধবাৰে বিয়লি জিলা আয়ুক্ত সুমিত সাত্তাৱানে এক সংবাদমেল যোগে সদৰী কৰে এই কথা ৷

Mission Indradhanush will be start in Lakhimpur
লখিমপুৰত পুনৰ আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ
author img

By

Published : Aug 2, 2023, 8:01 PM IST

লখিমপুৰ জিলাত 7 আগষ্টৰ পৰা মিছন ইন্দ্ৰধনুষ

লখিমপুৰ, 2 আগষ্ট : লখিমপুৰত পুনৰ আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ ৷ বুধবাৰে বিয়লি জিলা আয়ুক্ত সুমিত সাত্তাৱানে এক সংবাদমেল যোগে সদৰী কৰে এই কথা ৷

লখিমপুৰত মিছন ইন্দ্ৰধনুষৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ ৷ বিভিন্ন কাৰণত বাদ পৰি যোৱা শিশু, মহিলা সকলৰ বাবে লখিমপুৰ জিলাত পুনৰায় মিছন ইন্দ্ৰধনুষৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰাৰ প্ৰস্তুতি কৰা হৈছে ৷ বুধবাৰে বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত জিলা আয়ুক্ত সুমিত সাত্তাৱানে এই সন্দৰ্ভত সদৰি কৰি কয় যে, লখিমপুৰ জিলাত 7 আগষ্টৰ পৰা 12 আগষ্ট লৈ, 11 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰ আৰু 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ এই অভিযান চলোৱা হ’ব ৷

প্ৰথম পৰ্যায়ত জিলাখনত মুঠ 228 টা কাৰ্য দিনত 316 গৰাকী গৰ্ভৱতী মহিলা, 985 টা দুবছৰৰ তলৰ শিশু, 353 টি দুবছৰৰ পৰা পাঁচবছৰীয়া শিশুক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে ৷ ইয়াৰ বাবে 212 গৰাকী এএনএমক বিশেষ দায়িত্ব দিয়া বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ 2024 ৰ ভিতৰত মিজলচ,ৰুবেলা নাইকীয়া কৰাৰ লক্ষ্যৰে এই অভিযান পুনৰ আৰম্ভ কৰা বুলি তেওঁ সংবাদমেলত কয় ৷

এই ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা কামনা কৰি স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনক সহযোগ কৰাৰ লগতে নিজেও উপকৃত হবলৈ আহ্বান জনায় ৷ সাম্প্ৰতিক সময়ত দ্ৰুত গতিত বিয়পি পৰা চকু ৰোগ সম্পৰ্কেও তেওঁ কয় যে, জিলাখনত এই ৰোগ বিয়পি পৰাৰ খবৰ পোৱাৰ পাছত বিদ্যালয়সমূহলৈ কিছু নিৰ্দেশনা দিয়া হৈছে ৷ দ্ৰুত সংক্ৰমণ ঘটাৰ আশংকা থকাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সঘনাই হাত ধোৱা, চকু মোহাৰি থকাৰ অভ্যাস দূৰ কৰিবলৈ তেওঁ আহ্বান জনায় ৷

ক’ভিডকালীন সময়ত যেনেদৰে কেতবোৰ প্ৰতিৰোধী সুৰক্ষা ব্যবস্থা গ্ৰহণ কৰা হৈছিল তেনেদৰে চকুৰ ৰোগ সম্পৰ্কেও এনেধৰণৰ সজাগতামূলক ব্যবস্থাৰ অভ্যাস কৰিলে ৰোগৰ সংক্ৰমণ ৰোধ হ’ব বুলি উল্লেখ কৰি এই ৰোগৰ বাবে ৰাইজক চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলিও কয় জিলা আয়ুক্ত গৰাকীয়ে ৷ সংবাদমেলত স্বাস্থ্য বিভাগৰ বিষয়া সকল, অতিৰিক্ত জিলা আয়ুক্ত, জনসংযোগ বিষয়া আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : Heatwave in Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.