লখিমপুৰ, ৩১ অক্টোবৰ : নামনি সোৱণশিৰি প্ৰকল্পই ৰাইজৰ কোনো ক্ষতি নকৰে । এই অভয়বাণী মন্ত্রী ৰণোজ পেগুৰ । এসময়ত বৃহৎ নদীবান্ধবিৰোধীৰ পক্ষত আছিল বৰ্তমানৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । এক দীঘলীয়া সময় তেওঁ যুঁজ দিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে । বিশেষকৈ নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে তেওঁ সততে সৰৱ হৈ আছিল । পিছে সেয়া এতিয়া অতীত হ'ল ।
বিধায়কৰ পৰা মন্ত্রী হোৱাৰ পিছত তেওঁৰ এতিয়া কথাৰ সুৰ সলনি হৈছে । এসময়ত বৃহৎ নদীবান্ধে ৰাইজৰ জীৱন-সম্পত্তি বিনষ্ট কৰিব বুলি সৰৱ হৈ থকা ডাঃ ৰণোজ পেগুৱে এতিয়া ৰাইজক অভয়বাণী দিছে । নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা ৰাইজৰ কোনো বিপদ নহয় বুলি শান্তিৰে খাবলৈ-শুবলৈ ক'লে মন্ত্রীগৰাকীয়ে ।
মঙলবাৰে লখিমপুৰৰ ঘূণাসুঁতিত এক কাৰ্যসূচীত অংশগ্রহণ কৰাৰ সময়ত তেওঁ সংশ্লিষ্ট বিষয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয়, "মই বৃহৎ নদীবান্ধৰ প্ৰযুক্তি ভালদৰে অধ্যয়ন কৰিছোঁ । কেন্দ্রৰ লগত হোৱা আলোচনাৰ ময়েই নেতৃত্ব দিছিলোঁ । যাৰ বাবে নামনিৰ সুৰক্ষাৰ বাবে আঢ়ৈশ কোটিৰো অধিক টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে । খহনীয়া ৰোধৰ বাবে ১৮০ কোটি টকা অনুমোদন হৈছে আৰু ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে ।"
আনহাতে, সোৱণশিৰি প্ৰকল্পৰ উৎপাদনকাৰ্য অহা বছৰৰ মাৰ্চ মাহত আৰম্ভ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে মূল বান্ধৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । জানুৱাৰী মাহত ডাইভাৰ্ছন টানেলকেইটা বন্ধ কৰাৰ কথা আছিল যদিও সম্প্ৰতি পাহাৰ খহি এটা টানেল বন্ধ হোৱাৰ বাবে নদীখনত পানীৰ তাৰতম্য ঘটা বুলি তেওঁ কয় । তেওঁ লগতে কয় যে সাগৰপৃষ্ঠৰ পৰা এশ মিটাৰ উচ্চতাত আছে নদীখন । পানী আছে ১৩৫ মিটাৰ উচ্চতাত । আনহাতে, গে'টৰ উচ্চতা হ'ল ১৪৫ মিটাৰ ।
তেওঁ কয় যে প্ৰকল্পৰ পৰা যাতে নদীত পানী কমিব নোৱাৰে, খহনীয়া হ'ব নোৱাৰে, বানপানী হ'ব নোৱাৰে সেই কথা বাৰম্বাৰ কোৱা হৈছে । আনহাতে, প্ৰকল্পৰ জলাধাৰত ১৫ মিটাৰ খালী ৰাখিবলৈ কোৱা হৈছে । পানী বেছি হ'লে এই খালী অংশ পূৰ হ'ব আৰু লাহে লাহে এৰি দি বান সংকট নিয়ন্ত্রণ কৰা হ'ব বুলি মন্ত্রীগৰাকীয়ে কয় । আনহাতে, নদীখনৰ বৰ্তমানৰ পানী বঢ়া-টুটাক লৈ কোনো শংকা নাই বুলি উল্লেখ কৰি ৰাইজক নিশ্চিত মনে খাই-শুই থাকিবলৈও তেওঁ আহ্বান জনায় ।
লগতে পঢ়ক :ULFA I killed cadre : অসমৰ ৰাজনীতিত নেতৃত্ব ল’বলৈ আলফা নেতৃত্বক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ