লখিমপুৰ, 25 এপ্ৰিলঃ লখিমপুৰত পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ দুই মন্ত্ৰী উপস্থিত হয় ৷ জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত মন্ত্ৰী দুজনে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
শুকুৰবাৰে, লখিমপুৰত কৃষি মন্তী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ত বিভাগীয় বিষয়া আৰু চাৰিটা বিধানসভা সমষ্টিৰ বিধায়কৰ সৈতে বৰ্তমান পৰিস্থিতি আৰু অনাগত সময়ত কৃষি আৰু যোগান বিভাগৰ কাৰ্যব্যৱস্থা সম্পৰ্কত আলোচনাত মিলিত হয় । কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত মন্তব্য কৰে যে, লক ডাউনৰ মাজতে লখিমপুৰত কৃষকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে 18 কোটি 42 লাখ টকা । তাৰোপৰি উৎপাদিত কৃষি সামগ্ৰী অনিষ্ট হোৱা সকলো কৃষককে দিয়া হ'ব ক্ষতিপূৰণ। তাৰোপৰি,কৃষকসকলক বিনামূলীয়াকৈ চৰকাৰে যোগান ধৰিব বীজ ৷
ইতিমধ্যে জিলাখনৰ বিভাগীয় কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত কৃষকসকলক তৎকালীনভাৱে কৃষকসকলক চৰকাৰী সাহাৰ্য পোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে,যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,লখিমপুৰত বৃদ্ধি হোৱা নাই সামগ্ৰীৰ মূল্য। চৰকাৰে খাদ্য সামগ্ৰী ক্ৰয় কৰা উৎসতে মূল্য বৃদ্ধি হোৱাৰ বাবে খাদ্য সামগ্ৰীৰ মূল্য সামান্য তাৰতম্য হৈছে । তাৰোপৰি, লখিমপুৰত এমাহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে বুলিও সাংবাদিকৰ আগত সদৰি কৰে ।
লগতে পঢ়ক- খোৱাং আৰু মৰাণত গাহৰি পালকৰ মাজত হাহাকাৰ