লখিমপুৰ, 10 আগষ্ট : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সোমবাৰে লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । সন্মিলনীয়ে মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ বাবে ধাৰ্য কৰা ১২৫ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।
ইয়াৰোপৰি বান-খহনীয়া সমস্যাৰ সমাধান কৰাৰ লগতে সীমা সমস্যা সমাধানৰো দাবী জনায় সংগঠনটোৱে । মটক জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ হকে অবিৰত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে । লগতে যদিহে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে অতি শীঘ্ৰে জনগোষ্ঠীটোৰ সমস্যা সমাধান নকৰে, তেন্তে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।
উল্লেখ্য যে, সংগঠনটোৰ এই কঠোৰ স্থিতিৰ বিপৰীতে চৰকাৰে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে জানিব পৰা হ’ব ৷
লগতে পঢ়ক : কৃষক বিৰোধী আইন বাতিলৰ দাবীত শিলচৰত আইন অমান্য কাৰ্যসূচী