ETV Bharat / state

বানৰ সংহাৰ: লখিমপুৰত বানৰ কৱলত ৬৬ খন গাঁও

জলমগ্ন লখিমপুৰ জিলা (Flood in Lakhimpur) ৷ বছৰৰ দ্বিতীয়টো বানত লখিমপুৰৰ অৰ্ধ শতাধিক গাঁও এতিয়া বানৰ কৱলত পৰিছে । উটি-ভাহি গৈছে পথ, দলং তথা মথাউৰি । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷

author img

By

Published : Jun 17, 2022, 10:19 PM IST

Flood in Lakhimpur
লখিমপুৰত বানৰ কৱলত ৬৬ খন গাঁও

লখিমপুৰ, ১৭ জুন : প্ৰলয়ংকৰী বানৰ কৱলত পৰা লখিমপুৰ জিলাৰ চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশ (Flood in Lakhimpur) । চাৰিওফালে পানী আৰু পানী ৷ বানৰ প্ৰকোপত অথাই-সাগৰত পৰিণত হোৱা জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজে জীৱন মৰণৰ যুঁজত প্ৰবৃত্ত হ’ব লগীয়া হৈছে ।

জিলা প্ৰশাসনৰ তথ্য মতে, জিলাখনৰ ৬৬ খন গাঁও বৰ্তমান পানীৰ তলত বুৰ গৈছে (Many places in Lakhimpur have been submerged in flood) । জিলাখনৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ ১৪ খন, কদম ৰাজহ চক্ৰৰ ৭ খন, লখিমপুৰ ৰাজহ চক্ৰৰ ৫ খন, নাওবৈচা ৰাজহ চক্ৰৰ ৩৮ খন আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ ২ খন গাঁও বানৰ কৱলত পৰিছে ।

এই বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে ৪০ হেজাৰ ৯৬৫ জন লোক । শস্য ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে ৫৯৪.৩০ হেক্টৰ কৃষি ভূমি । বানৰ ফলত ৬ হেজাৰোধিক পোহনীয়া জীৱ-জন্তু, হাঁহ-কুকুৰা আদিৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে, অৰ্ধ শতাধিক গাঁও বানে বুৰাই পেলোৱাৰ উপৰিও এই বানে বিনষ্ট কৰিছে ৪৫ টাকৈ বাসগৃহ । শিঙৰা, ডিক্ৰং, ৰঙানদী আদিয়ে পথ, দলং, মথাউৰি, বান্ধ আদি উটুৱাই নিছে । লগতে এই বানত শিক্ষা প্ৰতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

Flood in Lakhimpur
লখিমপুৰত বানৰ কৱলত ৬৬ খন গাঁও

লগতে পঢ়ক : বগৰীবাৰীত ছিঙিল মথাউৰি: বন্যাৰ্তৰ মাজত হাহাকাৰ

তথ্য অনুসৰি, জিলাখনৰ এনে শোচনীয় বান পৰিস্থিতি সোনকালে উন্নত হোৱাৰ সম্ভাৱনা নাই । কিয়নো বতৰৰ অৱস্থা ভাল হোৱাৰ বিপৰীতে আগন্তুক ২৪ ঘন্টালৈকে অতি বেয়া হৈ থাকিব বুলিহে বতৰ বিজ্ঞান কেন্দ্ৰই লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে ।

আনহাতে, নীপকোৱেও ৰঙানদীত পানী এৰি দিয়াৰ ফলত জিলাখনত পানীৰ পৰিমাণ বৃদ্ধি পাইছে (NEPCO release water)। জানিব পৰা মতে, শুকুৰবাৰে বিয়লিৰ ভাগত নীপকোৱে প্ৰকল্পটোৰ চাৰি নম্বৰ গেটখনেৰে ১২ শ মিলিমিটাৰ পৰ্যন্ত পানী খুলি দিয়ে । নীপকোৰ তৰফৰ পৰাও জিলা প্ৰশাসনলৈ এই সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হৈছে ।

এনে প্ৰেক্ষাপটত জিলাখন যেন অথাই-সাগৰত পৰিণত হ’বলৈ ধৰিছে ৷ লগতে বিস্তৰ ৰূপত ধন জন, সা সম্পত্তিৰ যে বিস্তৰ ক্ষতি হ’ব সেই সম্ভাৱনা কঢ়িয়াই আনিছে । আনহাতে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, জিলাখনৰ কোনো পুল বা দলং আদিত প্ৰতিবন্ধকতা সৃষ্টি নকৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ।

কালভার্ট আদিৰে বৈ যোৱা পানী ভেটা দি আবদ্ধ কৰা কাৰ্যক বে-আইনী বুলি অভিহিত কৰিছে বিভাগটোৱে । জিলা উপায়ুক্ত সুমিত সাত্তাৱানে জাৰি কৰা এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৩০ ধাৰা মতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক প্ৰকাৰে সকীয়নি প্ৰদান কৰিছে ৷

লগতে পঢ়ক : Flood in Assam : শুকুৰবাৰে শোণিতপুৰৰ পৰা উদ্ধাৰ 222 গৰাকী বানাক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.