ETV Bharat / state

Man commits suicide: পাৰিবাৰিক কন্দল, বন্দুকেৰে গুলীয়াই আত্মহত্যা স্বামীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:34 PM IST

পান ছিঙিবলৈ বাধা দিয়াৰ বাবে পত্নীক হত্যা কৰিবলৈ উদ্যত স্বামী ৷ অৱশেষত হত্যা কৰিব নোৱাৰি বন্দুকেৰে গুলীয়াই আত্মহত্যা স্বামীৰ ৷

Man commits suicide
পাৰিবাৰিক কন্দল, বন্দুকেৰে গুলীয়াই আত্মহত্যা লোকৰ

লখিমপুৰ, ২ নৱেম্বৰ : লখিমপুৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পত্নীক হত্যা কৰিব নোৱাৰি বন্দুকেৰে গুলীয়াই আত্মহত্যা স্বামীৰ ৷ বৃহস্পতিবাৰে দুপৰীয়া লখিমপুৰৰ ঢেকিয়াজুলিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । মৃত লোকজন ৰঞ্জিত দৰ্জী বুলি চিনাক্ত কৰা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰৰ পৰা ৰঞ্জিত আৰু পত্নীৰ মাজত কাজিয়া হৈ আছিল ৷বুধবাৰে দুপৰীয়া ৰঞ্জিতে ভাত খাই মুখত এখন তামোল ভৰাই বাৰীত পান ছিঙিবলৈ গৈছিল। কিন্তু মুখত তামোল ভৰাই পান ছিঙিলে পানজোপাৰ ক্ষতি হয় বুলি পত্নীয়ে তেওঁক পান ছিঙিবলৈ বাধা দিয়ে। সেয়াই আছিল কাজিয়াৰ আৰম্ভণি।

পত্নীয়ে বাধা দিয়াৰ ফলত খঙত অগ্নিশৰ্মা হৈ পৰে ৰঞ্জিত। খঙতে তেওঁ প্ৰথমে বাৰীৰ তামোল-পান, গছ গছনি কাটি পেলায় ৷ তাৰ পিচতে উন্মাদপ্ৰায় হৈ পৰা ৰঞ্জিতে ঘৰৰ বেৰ, খুঁটা আদিও ঘপিয়াই কাটে। ইয়াতে ক্ষান্ত নাথাকি ৰঞ্জিতে পত্নীকো কাটিবলৈ উদ্যত হয়। পত্নীয়ে স্বামীৰ আক্ৰমণৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰে।

কালিৰ পৰা এনেদৰে ঘৰখনত তাণ্ডৱ চলাই থাকি বৃহস্পতিবাৰে দুপৰীয়া পত্নীক পুনৰ হত্যাৰ চেষ্টা কৰে লোকজনে ৷ কিন্তু এইবাৰো পলাই সাৰে পত্নীয়ে ৷ ইয়াৰ কিছু সময়ৰ পাচতে ৰঞ্জিতে এটা বন্দুকেৰে ঘৰৰ ভিতৰতে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে। গুলীৰ আঘাতত তেওঁৰ মূৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

এই ঘটনাৰ খবৰ পাই লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত ৰঞ্জিতে বন্দুকটো ক’ৰ পৰা পালে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। হাতত বন্ধুক থকাৰ বাবে লোকজন কোনো চোৰাং চিকাৰীৰ হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে দৰিদ্ৰ ৰঞ্জিতৰ বন্দুক কিনাৰ সামৰ্থ নাই।

সম্প্ৰতি আৰক্ষীয়ে মৃতহেদটো উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷ এই ঘটনাই লখিমপুৰত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Fake currency: STF ৰ অভিযানত কেইবা লক্ষাধিক টকাৰ নকল নোট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.