বিহপুৰীয়া,২৩ ফেব্ৰুৱাৰী: শিৱসাগৰস্থিত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈ । দলীয় কাৰ্যসূচীৰ বাবে লখিমপুৰৰ পৰা গহপুৰ অভিমুখে গৈ থকাৰ পথতে গুৰুজনাৰ জন্মস্থানত লেতেকুপুখুৰীত উপস্থিত হয় নেতাগৰাকী । লগতে লেতেকুপুখুৰীৰ থানত আশীষ ললে লুৰীণজ্যোতি গগৈয়ে । আশীষ গ্ৰহণ কৰি নেতা গৰাকীয়ে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ প্ৰয়োজন আছে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । লগতে গুৰুজনাৰ সৃষ্টিৰাজি, বিশ্ব বিদ্যালয় আৰু কলাক্ষেত্ৰৰ নামত চৰকাৰে বিভিন্ন সময়ত অৱহেলা কৰা সন্দৰ্ভতো সমালোচনা কৰে বিজেপি তথা কংগ্ৰেছ চৰকাৰক । লগতে তেওঁৰ আশা যদিহে ৰাইজে সঁহাৰি দিয়ে আগন্তুক দিনত অসম জাতীয় পৰিষদে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানক বিশ্বৰ ভিতৰতে জিলিকাই তুলিব ।
বিহপুৰীয়া নগৰৰ পৰা দলীয় কৰ্মী তথা সমৰ্থকৰ কেবাশতাধিক বাইকৰ সমদলেৰে মাধৱদেৱৰ জন্মস্থানলৈ আদৰি অনা নেতা গৰাকীক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী,সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া,উপ-সভাপতি হৰেন চুতীয়া,গোলাপ শইকীয়া প্ৰমুখ্যে বহু কেইগৰাকী কেন্দ্ৰীয় নেতাই ৷
লগতে পঢ়ক:দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম : বিষয়াৰ বদলিকৰণৰ দাবী