নাওবৈচা, 2 জুন: সন্দেহজনক নাগৰিকৰ বেদখল উচ্ছেদ কৰাৰ দাবীৰে নাওবৈচাবাসী ওলাই আহিল ৰাজপথলৈ (Local people protest against Encroachment) ৷ ঘটনা অনুসৰি, বাৰিষা পাভ নদীৰ ভয়াবহ জলৰাশিয়ে পশ্চিম নাওবৈচাবাসী ৰাইজৰ জীৱন বিগত পাঁচ-ছয় বছৰে ধাৰাবাহিকভাৱে বিপদগ্ৰস্ত কৰি আহিছে । বাৰিষা পাভ নদীৰ পানীয়ে পশ্চিম নাওবৈচাৰ বলাম, বিষ্ণুপুৰ, কুটুকাই, ৰাজআলিকে ধৰি প্ৰায় কুৰিখনকৈ অধিক গাঁৱৰ সহস্ৰাধিক লোকৰ জীৱন-জীৱিকা, সা-সম্পত্তি থানবান কৰি আহিছে ৷
বিগত মাহতো পাভ নদীৰ ভয়াবহ জলৰাশিয়ে বুৰাই পেলাইছিল এই অঞ্চলসমূহ ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, মূলসুঁতিত বেদখল কৰা সন্দেহজনক লোকসকলে (Encroachment at Nowboicha) পাভ নদীত জলসম্পদৰ মথাউৰি থকাৰ পিছতো পুনৰ এটা অবৈধ চাইড বান্ধ মাৰি দিয়াৰ ফলত নদীখন নামনিলৈ বৈ যাব নোৱাৰাত নদীখনৰ জলৰাশি বৃদ্ধি হৈ এই ভয়াবহ বানৰ সৃষ্টি কৰে ৷
এই অবৈধ বেদখলৰ সন্দৰ্ভত স্থানীয় অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ পৰিণতিত বুধবাৰে বানত ককবকাই থকা শতাধিক পুৰুষ মহিলা ওলাই আহি বেদখল উচ্ছেদৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদী ৰাইজে 'সন্দেহজনক নাগৰিকক উচ্ছেদ কৰক','পাভ নদী মূল সুঁতি ঘূৰাই দিয়ক', 'অবৈধ চাইড বান্ধ ভাগি দিয়ক' আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে । যদিহে জিলা প্ৰশাসনে ৰাইজৰ দাবী মানি নলয়, তেনেহ’লে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : Mysterious death of a woman: মৰাণৰ পথালিবামত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য