ETV Bharat / state

শক্তিমন্ত্ৰীৰ উপস্থিতিতে বিজুলীৰ অন্তৰ্ধান : আন্ধাৰতেই মন্ত্ৰীৰ ভাষণ - minister of power

খোদ ৰাজ্যৰ শক্তিমন্ত্ৰী(minister of power) গৰাকী উপস্থিত থকা এখন সভাত লাগিল অথন্তৰ ৷ খোদ শক্তি মন্ত্ৰী বিমল বৰাৰ ভাষণৰ মাজতে এবাৰ যদি বিদ্যুতৰ লুকাভাকু আনবাৰ শব্দৰ খেলিমেলিৰ সৃষ্টি হ’ল ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

load-shedding-in-power-ministers-progam
শক্তিমন্ত্ৰীৰ উপস্থিতিত বিজুলীৰ অন্তৰ্ধান : আন্ধাৰতেই মন্ত্ৰীৰ ভাষণ
author img

By

Published : Sep 5, 2021, 7:33 PM IST

বিহপুৰীয়া, 5 ছেপ্টেম্বৰ : শিক্ষক দিৱসৰ সভাত লাগিল অথন্তৰ, আন্ধাৰতেই চলিল মন্ত্ৰীৰ ভাষণ ৷ পিছে মন্ত্ৰীও মন্ত্ৰী, আন বিভাগৰ মন্ত্ৰী নহয় খোদ ৰাজ্যৰ শক্তিমন্ত্ৰী(minister of power) গৰাকী উপস্থিত থকা এখন সভাত লাগিল এই অথন্তৰ ৷ সততে কথা-কৰ্মৰে ৰাইজক বিদ্যুৎ যোগানৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ সপোন দেখুওৱা শক্তিমন্ত্ৰী গৰাকীৰ সভাতে অন্তৰ্ধান হ’ল বিজুলীৰ ৷ মন্ত্ৰী মহোদয় পিছে বিচলিত নহ’ল আন্ধাৰৰ মাজতে তেওঁ আগবঢ়ালে ভাষণ ৷

শক্তিমন্ত্ৰীৰ উপস্থিতিত বিজুলীৰ অন্তৰ্ধান : আন্ধাৰতেই মন্ত্ৰীৰ ভাষণ

উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত শংকৰদেৱ মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা শিক্ষক দিৱসৰ সভাত একাধিক বাৰ ঘটিল কাৰিকৰী বিজুতি । খোদ শক্তি মন্ত্ৰী বিমল বৰাৰ ভাষণৰ মাজতে এবাৰ যদি বিদ্যুতৰ লুকাভাকু আনবাৰ শব্দৰ খেলিমেলি হয় ৷ ইয়াৰ পিছত সাংবাদিকৰ আগত বিদ্যুতৰ সমস্যা আঁতৰিবলৈ আৰু আঠ দহ বছৰৰ প্ৰয়োজনৰ কথা দোহাৰে বিমল বৰাই ।

লোড শ্বেডিঙৰ সমস্যা সমাধানৰ বাবে আঠ দহ বছৰ লগাৰ বিষয়টোত সাংবাদিকে সুধিলে যে, আঠ দহ বছৰ বহুত সময় নহ’ব জানো ?

এই প্ৰশ্নৰো যেন উত্তৰ সাজু কৰিয়েই ৰাখিছিল মন্ত্ৰী বৰাই ৷ তেওঁ কয় যে, স্বৰাজোত্তৰ কালৰ 70 বছৰ পিছতো ৰাজ্যৰ গ্ৰাম্যাঞ্চলত নাছিল বিজুলী ৷ 2016 চনত ৰাজ্যৰ শাসনভাৰ বিজেপিয়ে লোৱাৰ পিছতহে বিজুলী পাইছে গ্ৰাম্যাঞ্চলৰ ৰাইজে ৷ বৰ্তমানেও 4, 80,000 পৰিয়ালক বিজুলী দিবলৈ এতিয়াও বাকী থকাৰ কথাও তেওঁ স্বীকাৰ কৰে ৷ এই পৰিপ্ৰেক্ষিততেই আন্তঃগাঁঠনিৰ সাল-সলনি কৰিবৰ বাবে আঠ-দহ বছৰ প্ৰয়োজন হ’বই বুলিও উল্লেখ কৰে ৰাজ্যৰ শক্তি মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : হাইকমাণ্ডৰ সহমত : উপ-নিৰ্বাচনৰ সকলো সিদ্ধান্ত ল’ব প্ৰদেশ কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.