ETV Bharat / state

ক'ভিড কেয়াৰ কেন্দ্ৰত কণমানিৰ জন্মদিন উদযাপন

author img

By

Published : Sep 16, 2020, 5:17 AM IST

ক’ভিড-১৯ ত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ লগত চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী সাত বছৰীয়া কণমানিৰ জন্ম দিন পালন কৰা হয় ক'ভিড কেয়াৰ চেন্টাৰত ৷ বেলুন আঁৰি, কেক্ কাটি অতি উলহমালহেৰে জন্মদিন উদযাপন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটোত ৷ বেলুন আঁৰি, কেক্ কাটি অতি উলহমালহেৰে জন্মদিন উদযাপন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটোত ৷

birthday celebrate at covid care center
birthday celebrate at covid care center

বিহপুৰীয়া, 15 ছেপ্টেম্বৰ : মানৱতাৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প’লিটেকনিক কলেজ ক'ভিড কেয়াৰ চেন্টাৰত কৰ্মৰত চিকিৎসক,স্বাস্থ্য কৰ্মী আৰু ক’ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে ৷ ক’ভিড-১৯ ত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ লগত ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী সাত বছৰীয়া কণমানিৰ জন্ম দিন পালন কৰা হয় ৷ বেলুন আঁৰি, কেক্ কাটি অতি উলহমালহেৰে জন্মদিন উদযাপন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটোত ৷

বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰীৰ নিবাসী তথা লখিমপুৰৰ লীলাবাৰিস্থিত ১৩ নং অসম বেটেলিয়নত কৰ্মৰত দীপ কুমাৰ বৰা, পত্নী দিব্যজ্যোতি বৰুৱাৰ কন্যা লক্ষীপ্ৰিয়া বৰাৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাচত যোৱা ৬ ছেপ্তেম্বৰ পৰা প’লিটেকনিক ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন অৱস্থাত আছিল ৷ কণমানি লক্ষীপ্ৰিয়া ক'ভিড কেয়াৰ চেন্টাৰটোৰ ক'ভিড ৰোগীৰ লগতে চিকিৎসক,স্বাস্থ্য কৰ্মী সকলোৰে প্ৰিয় হৈ পৰিছিল ৷

ক'ভিড কেয়াৰ কেন্দ্ৰত কণমানিৰ জন্মদিন উদযাপন

কণমানিজনীয়ে তাইৰ জন্মদিন ক'ভিড কেয়াৰ চেন্টাৰত উদযাপন নকৰিলে ঘৰলৈ কোনো কাৰণে নাযাঁও বুলি কোৱাত পিতৃ মাতৃয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা চিকিৎসক ডাঃ মানৱ জ্যোতি বৰা আৰু ডাঃ বিজিত দেউৰীক বিষয়টো অৱগত কৰে ৷ চিকিৎসকসকলে কনমানিজনীৰ জন্ম দিন উদযাপনৰ বাবে যাৱতীয় কেক্,বেলুন আৰু খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি অতি উলহমালহেৰে ক'ভিড চেন্টাৰটোততে লক্ষীপ্ৰিয়াৰ জন্মদিন উদযাপন কৰে ৷

লগতে পঢ়ক : অবধ আসাম এক্সপ্ৰেছত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.