লখিমপুৰ, 9 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা লখিমপুৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জীৱন বীমা অভিকৰ্তা সন্থাৰ যোৰহাট মাণ্ডলিক পৰিষদৰ চতুর্থ দ্বি-বাৰ্ষিক অধিৱশন অনুষ্ঠিত হয় । ভাৰতীয় জীৱন বীমা নিগমৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত অনুষ্ঠিত হোৱা ভাৰতীয় জীৱন বীমা অভিকৰ্তা সন্থাৰ যোৰহাট মাণ্ডলিক পৰিষদৰ চতুর্থ দ্বি-বাৰ্ষিক অধিৱেশন আৰু সাধাৰণ সভাখন বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হয় লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত ।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা উক্ত অধিৱশনত অভিকৰ্তাসকলৰ বিভিন্ন সমস্যাৰাজিৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেবাহেজাৰ অভিকৰ্তা, নিগমৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰা অধিৱেশনখনৰ প্ৰথম দিনা অনুষ্ঠিত হয় পতাকা উত্তোলন, প্ৰতিনিধি পঞ্জীয়ন, স্মৃতি তৰ্পণ, মঞ্চ উদ্বোধন, মুকলি সভা, স্মৃতিগ্ৰন্থ লিয়াফিয়ান উন্মোচন, সম্বৰ্ধনা অনুষ্ঠান আদি ।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি সভা, শপত গ্ৰহণ, মুকলি সভা, সম্পাদকীয় প্ৰতিবেদন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে অভিকৰ্তা সন্থাৰ যোৰহাট মাণ্ডলিক পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰদীপ দাস, উপদেষ্টা প্ৰশান্ত গোস্বামী, নাৰায়ণ উপাধ্যায়, সৰ্বভাৰতীয় সভাপতি শ্যামল চক্ৰৱৰ্তী, অভ্যৰ্থনা সমিতিৰ সভাপতি কামিনী বৰা, অভিকৰ্তা সন্থাৰ সম্পাদক দেহেশ্বৰ শইকীয়া, অভিকৰ্তা সন্থাৰ প্ৰধান সম্পাদক এচ বি শ্ৰীনিৱাসা, পুৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা, সোমনাথ চৌধুৰী, সৰ্বভাৰতীয় মহিলা সৱলীকৰণ সমিতিৰ সঞ্চালিকা কেকা চক্ৰৱৰ্তী, সৰ্বভাৰতীয় শিক্ষা সমিতিৰ সঞ্চালক শ্যামন্ত ঘোষ, উদযাপন সমিতিৰ সম্পাদক প্ৰভাত কুমাৰ বৰা, যোৰহাট মাণ্ডলিক পৰিষদৰ কোষাধ্যক্ষ নাচিউৰ ৰহমান আদি বহু বিষয়ববীয়াই ।
অধিৱেশত অংশগ্ৰহণ কৰা অভিকৰ্তাসকলে নিজ নিজ স্থানত জীৱন বীমা নিগমৰ উন্নতিৰ স্বাৰ্থত কিদৰে কাম কৰি আছে সেই বিষয়ে মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক : হোমেন বৰগোহাঞিৰ ওপজা দিনত লখিমপুৰত গ্ৰন্থ অধ্যয়ন দিৱস উদযাপন