বিহপুৰীয়া,29 জানুৱাৰীঃ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল বঢ়াৰপো মাধৱদেৱৰ জন্মভূমি লেটেকুপুখুৰী ৷ বুধবাৰৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা সমাৰোহৰ দ্বিতীয় দিনটো মুখৰ হৈ পৰিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা,সংগীতময় ভাগৱতৰ অমিয়া ৰস আৰু গুৰুজনাৰ অনবদ্য অৱদান অংকীয়া ভাওনাৰে ৷ সমাগম ঘটিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ ৷ ৰূপায়িত ভিন্নৰঙী কাৰ্যসূচীত পুৱাৰ ভাগত অন্তৰ্ভুক্ত হ'ল পৰিৱেশ সজ্জা ৷ লেটেকুপুখুৰীৰ নামাচাৰ্য বলোৰাম বৰগায়নৰ দ্বাৰা নাম প্ৰসংগৰ পিছতে উলিওৱা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ ভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হয়। গুৰুজনাৰ জন্মস্থানৰ পৰা বৰবালি, পঠালিপাহাৰ,ভোগপুৰ,মধুপুৰ,ভোলাবৰী,কমলপুৰ,বৰপথাৰ,নাৰায়ণপুৰৰ পৰা পুণৰ বৰপথাৰ হৈ সমাৰোহস্থলিত উপস্থিত হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে সকলোকে । বিয়লি ১ বজাৰ পৰা সমাৰোহস্থলীত আৰম্ভ হয় ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। পুৰুষোত্তম উপাধ্যায়ে ব্যাখ্যা আগবঢ়োৱা সংগীতময় অনুষ্ঠানটিয়ে উপস্থিত ভকত-বৈষ্ণৱ সকলক বাৰুকৈয়ে আপ্লুত কৰিবলৈ সক্ষম হয় ।
আনহাতে জন্মস্থানৰ কীৰ্ত্তনঘৰত বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কাল্পনিক প্ৰতিচ্ছবি অংকণ চলি থাকে । উল্লেখ্য যে,শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ পৰা অহা এটা শিল্পীৰ দলে অংকণ অব্যাহত ৰখা মহাপুৰুষ গুৰুজনাৰ কাল্পনিক প্ৰতিচ্ছবিৰ পৰাই এখন প্ৰতিচ্ছবি নিৰ্বাচন কৰি পৰৱৰ্তী সময়ত উক্ত প্ৰতিচ্ছবিৰ আধাৰত মাধৱদেৱৰ জন্মস্থানৰ চৌহদত নিৰ্মাণ কৰা হ'ল এটা স্থায়ী প্ৰতিমূৰ্তি । ইপিনে বৃহস্পতিবাৰে শিৱসাগৰ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চই পৰিৱেশন কৰা প্ৰথম নাট "চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা" উদ্বোধন কৰে সমাজকৰ্মী হেমন্ত ধিং মজুমদাৰে ৷ একেদৰে মাধৱদেৱ জন্মস্থানে পৰিবেশন কৰা দ্বিতীয় নাট "ৰাম বিজয়" উদ্বোধন কৰে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই ৷
লগতে পঢ়কঃ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিবৱেশ কৰ্মীৰ সংবাদ মেল