ETV Bharat / state

নাৰায়ণপুৰত বৰটোকোলাৰ সুখৰ সংসাৰ - Rare Bird in Assam

নাৰায়ণপুৰৰ ৰঙতিত দেখিবলৈ পোৱা গৈছে এক নয়নাভিৰাম দৃশ্য ৷ বিলুপ্তপ্ৰায় বৰটোকোলাৰ (Lesser adjutant stork)এটা পৰিয়াল হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ বৰটোকোলাবোকৰ নিৰাপত্তা দি আহিছে স্থানীয় লোকে ৷

Lesser adjutant stork
নাৰায়ণপুৰত বৰটোকোলাৰ সুখৰ সংসাৰ
author img

By

Published : Mar 15, 2022, 9:58 PM IST

বিহপুৰীয়া, 15 মাৰ্চ: বহু বছৰ পূৰ্বে বিভিন্ন ঠাইত সততে বৰটোকোলা দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি বৰটোকোলা এক দুৰ্লভ পক্ষী (Lesser adjutant stork) ৷ কিন্তু অতি সুখৰ খবৰ যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি চাৰিআলিত বৰ্তমান বহু সংখ্যক বৰটোকোলা উপলব্ধ ৷

বিগত কেইবাবছৰ পূৰ্বে ৰঙতি চাৰিআলিস্থিত এজোপা শিমলু গছত এহাল বৰটোকোলাই আশ্ৰয় লৈছিল ৷ ইয়াৰ পৰাই বংশ বৃদ্ধি হৈ বতৰ্মান প্ৰায় ৪০-৫০ টা বৰটোকোলা হৈছে৷ উক্ত বৰটোকোলাবোৰে তিনি-চাৰি জোপা শিমলু গছৰ লগতে আন গছত বাঁহ সাজি নিৰাপদ আশ্ৰয়স্থল হিচাপে বাচি লৈছে ৷ অঞ্চলটোৰ সমীপৰ বিভিন্ন বিল, নদীৰ পাৰত খাদ্য সন্ধান কৰে বৰটোকালবোৰে (Rare lard wadding bird)৷

নাৰায়ণপুৰত বৰটোকোলাৰ সুখৰ সংসাৰ

ৰঙতি ব্যৱসায়ীক কেন্দ্ৰস্থলৰ শিমলুগছত বসবাস কৰা বৰটোকোলাবোৰক স্থানীয় ৰাইজে নিৰাপত্তা দি আহিছে ৷ উক্ত বৰটোকোলাবোৰে এক সুন্দৰ পৰিবেশ কঢ়িয়াই অনাৰ লগতে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে ৷ বিলুপ্তপ্ৰায় বৰটোকালাবোৰৰ বিভিন্ন দৃশ্য উপভোগ কৰিবৰ বাবে স্থানীয় ৰাইজ, অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে ৰঙতি চাৰিআলিত ভিৰ কৰে ৷

লগতে পঢ়ক: The Kashmir files ৰ দৰ্শক হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.