ETV Bharat / state

বিতৰ্কত লখিমপুৰ আৰক্ষী, নিৰ্মমভাৱে দুই যুৱকক প্ৰহাৰৰ অভিযোগ - Youth beaten by police

পাৰিবাৰিক কাৰণত এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু স্বামীৰ দুই ভাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (Assam Police controversy)। আৰক্ষীয়ে দুই ভাতৃক থানালৈ আনি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ । আৰক্ষীৰ প্ৰহাৰত আহত এজনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ ।

Assam Police controversy
বিতৰ্কত লখিমপুৰ আৰক্ষী, নিৰ্মমভাৱে দুই যুৱকক প্ৰহাৰৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:49 PM IST

বিতৰ্কত লখিমপুৰ আৰক্ষী, নিৰ্মমভাৱে দুই যুৱকক প্ৰহাৰৰ অভিযোগ

বিহপুৰীয়া, ১৩ জানুৱাৰী : ৰাজ্যত প্ৰতিদিনে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হোৱা দেখা গৈছে । কেতিয়াবা যদি ভুৱা এনকাউণ্টাৰ, কেতিয়াবা আকৌ নিৰীহ লোকক বিনা কাৰণত হাৰাশাস্তি কৰাৰ অভিযোগ । সাধাৰণ লোকক নিৰাপত্তা প্ৰদানৰ দায়িত্বত আৰক্ষীয়ে অৱহেলা কৰাৰো অভিযোগ প্ৰায়ে উত্থাপন হোৱা দেখা যায় । এইবাৰ তেনে এক অভিযোগ উত্থাপন হৈছে লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে ।

নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষীয়ে ক্ষমতা অপব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে তিনি ভাতৃয়ে । দুই ভাতৃক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে । এজনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈও প্ৰেৰণ কৰিবলগীয়া হৈছে ৷ শিমলুগুৰি আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে চেঁচা ৰাজগড়ৰৰ মানিক গগৈ আৰু বালিকুছিৰ মনোজ গগৈ নামৰ দুই ভাতৃক ঘৰৰ পৰা চোঁচৰাই থানালৈ লৈ যায় আৰু তেওঁলোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ আৰক্ষীৰ বেতৰ কোবৰ যন্ত্ৰণাত ছটফটাই আছে দুয়োগৰাকী ৷

দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে মানিক গগৈক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে মানিক আৰু মনোজৰ লগতে তেওঁলোকৰ ককায়েক ৰমেন গগৈৰ বিৰুদ্ধে ৰমেনৰ পত্নীয়ে শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ পাৰিবাৰিক কাৰণত এই এজাহাৰ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে ৰমেনক ঘৰত পোৱা নাছিল যদিও দুই ভাতৃক ঘৰৰ পৰা থানালৈ আনি মাৰপিট কৰাৰ অভিযোগ উঠিছে । আনকি দুয়ো ভাতৃক কোনো সোধা-পোছা নকৰাকৈ মাৰপিট কৰি ঘৰলৈ যাবলৈও দিলে শিমলুগুৰি আৰক্ষীয়ে ৷ আৰক্ষীৰ এনে ব্যৱহাৰত অসন্তুষ্ট হৈছে ভুক্তভোগী যুৱক দুজনৰ পৰিয়াল । আইন অনুসৰি ব্যৱস্থা গ্ৰহণ নকৰি আৰক্ষীয়ে এনেদৰে যুৱককেইজনক প্ৰহাৰ কৰাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটো । এইক্ষেত্ৰত ন্যায় প্ৰদানৰো দাবী জনাইছে পৰিয়ালটোৱে ।

লগতে পঢ়ক :কৰিমগঞ্জৰ মিথু বিশ্বাস হত্যাকাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.