ETV Bharat / state

Plantation Programme: লখিমপুৰত গছপুলি ৰোপণৰ নামত লাখ লাখ চৰকাৰী ধনৰ শৰাধ

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:28 PM IST

চৰকাৰীভাৱে অমৃত বৃক্ষ আঁচনি গ্রহণ কৰাৰ উপৰি দীর্ঘ সময় ধৰি গছপুলি ৰোপণৰ বাবে বন বিভাগলৈ লাখ লাখ টকা আৱন্টন দি আহিছে । পিছে এই আঁচনিসমূহ কিমান বাস্তবায়িত হ’ল সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । কিয়নো বছৰ বছৰ ধৰি লাখ লাখ টকাৰে ৰোপণ কৰা গছপুলিৰ বহু ক্ষেত্রত চিন মোকাম নাই ।

Plantation Programme
লখিমপুৰত গছপুলি ৰোপণৰ নামত লাখ লাখ চৰকাৰী ধনৰ শৰাধ

লখিমপুৰ, ১৪ নৱেম্বৰ: লখিমপুৰত লাখ লাখ টকাৰ গছপুলি ৰোপণ আঁচনি অন্তঃসাৰশূন্য হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰে বছৰি গছপুলি ৰোপণৰ বাবে আগবঢ়াই অহা লাখ লাখ টকা জিলা বন বিভাগে শৰাধ কৰি অহাৰ অভিযোগ উঠিছে । উল্লেখ্য যে, ২০১৪ চনৰ পৰা বৰ্তমানপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে জিলাখনৰ বিভিন্ন বনাঞ্চলত গছপুলি ৰোপণৰ বাবে বছৰি টকা আৱন্টন কৰি আহিছে যদিও বিভাগটোৱে উক্ত পুঁজি অপচয় কৰাৰহে অভিযোগ উত্থাপন হৈছে ।

তথ্য মতে, ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত লখিমপুৰৰ বিভিন্ন বনাঞ্চলক চিৰসেউজ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেম্পা, এন টি পি-চি, নামিল, বায়' ডাইভাৰ্চিটিকে ধৰি বিভিন্ন আঁচনিৰ অধীনত পুঁজি আৱন্টন দি আহিছিল । পৰৱৰ্তী সময়ত আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰে জিলাখনৰ বন বিভাগলৈ কেৱল গছপুলি ৰোপণৰ বাবে আগবঢ়াই আহিছে কোটি কোটি টকা ।

কিন্তু আশ্চর্যজনক কথা যে বছৰি লখিমপুৰৰ বন বিভাগে জাকজমকতাৰে জিলাখনৰ বনাঞ্চলসমূহত লাখ লাখ গছপুলি ৰোপণ কৰে যদিও সঠিক প্ৰতিপালনৰ অভাৱত এই ৰোপণ কৰা গছপুলিসমূহৰ অস্তিত্ব দুমাহ-তিনি মাহৰ পাচতে নিঃশেষ হৈ পৰে । উদাহৰণস্বৰূপে, লখিমপুৰৰ বন বিভাগে ২০১৬-১৭ বৰ্ষত কাকৈ বনাঞ্চলৰ দীর্ঘাত এন টি পি চি শিতানত কোটি কোটি টকা ব্যয়েৰে ১০০ হেক্টৰ ভূমিত ৰোপণ কৰা গছপুলিসমূহৰ গৰিষ্ঠসংখ্যকৰ বৰ্তমান কোনো চিন-মোকাম নাই ৷

দুলুং বনাঞ্চলৰ পথালিপামত কেম্পা আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত গছপুলি ৰোপণ কৰা থলীত বৰ্তমান বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যালয়ে অমৃত সৰোবৰ খান্দিছে ৷ একেদৰে কাকৈ বনাঞ্চলৰ বোকানলা বন শিবিৰৰ অধীনস্থ শান্তিপুৰ এলেকাত ২০২১-২২ বৰ্ষত ৩,৮১,৪৯৯ টকা ব্যয়েৰে গছপুলি ৰোপণ কৰা আঁচনিখনৰ সাম্প্ৰতিক অস্তিত্বহীনতা হৈ পৰিছে ৷ লখিমপুৰৰ বন বিভাগে বিভাগটোৱে গছপুলি ৰোপণৰ নামত বছৰি চলাই অহা ভেঁকো-ভাওনাকে উদঙাই দিছে। এই লৈ এক তদন্ত ৰ দাবী জনাইছে সচেতন ৰাইজে।

লগতে পঢ়ক: Amrit Brikshya Andolan: অমৃত নে গৰল ! অভিলেখ স্থাপনৰ নামত নষ্ট হাজাৰ হাজাৰ গছপুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.