ETV Bharat / state

Lakhimpur planetarium:লখিমপুৰৰ তাৰকাগৃহই উপকৃত কৰিছে শিক্ষার্থীক - Lakhimpur planetarium helps students

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দ্বিতীয়টো থ্ৰী ডি তাৰকাগৃহ আছে লখিমপুৰত ৷ এই তাৰকা গৃহটোৱে শিক্ষার্থীক কৰিছে উপকৃত।

lakhimpur planetarium
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো থ্ৰী ডি তাৰকাগৃহ
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 2:04 PM IST

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো থ্ৰী ডি তাৰকাগৃহ

লখিমপুৰ, ৩০ অক্টোবৰ : লখিমপুৰ নগৰৰ গাতে লাগি থকা চুতীয়া কাৰীত আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো থ্ৰী ডি তাৰকাগৃহ । সম্প্ৰতি এই তাৰকা গৃহটোৱে শিক্ষার্থী সমাজৰ বিজ্ঞান বিষয়ৰ প্ৰতি ধাউতি গঢ়াত অনন্য ভূমিকা লৈছে ।

লখিমপুৰ নগৰৰ সমীপৰ চুতীয়া কাৰীত স্থাপন কৰা এই তাৰকা গৃহটোত কেৱল নৱ-মণ্ডল প্ৰদৰ্শন হৈ থকা নাই, সমান্তৰালকৈ বিজ্ঞান বিষয়ৰ বিভিন্ন ধৰণৰ অধ্যয়নৰ ব্যৱস্থাকে ধৰি সৌৰজগত চোৱাৰো সুবিধা আদিৰে সজ্জিত কৰি তোলা হৈছে তাৰকা গৃহটো । ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰা এই লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহটো এতিয়া শিক্ষার্থীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । নিতৌ একাধিক দৰ্শনীৰ ব্যৱস্থা কৰা তাৰকা গৃহটোত মুকলি কৰা বিজ্ঞান কেন্দ্ৰটোত শিক্ষার্থীসকলে বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত হাতে কামে লাগি নাইবা স্থাপন কৰা বিভিন্ন আহিলাৰ জৰিয়তে জ্ঞান লাভ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে ।

তাৰোপৰি টেলিস্কোপৰ জৰিয়তে সৌৰজগতক চোৱাৰো ব্যৱস্থা আছে এই তাৰকা গৃহটোত । তাৰকা গৃহটোৰ এডুকেশ্যন এচিষ্টেন্ট কস্তুৰী সোণোৱালে জনোৱা মতে, বতৰ ঠিকে থাকিলে সন্ধ্যা সময়ত নাইবা সন্ধ্যাৰ পাচত টেলিস্কোপৰে সৌৰজগত চোৱাৰো সুবিধা দিয়া হয় । তাৰকা গৃহটোৰ এনেবোৰ সা-সুবিধাৰ বাবে শিক্ষার্থী সমাজৰ আকৰ্ষণ দিনে দিনে বৃদ্ধি পাইছে । কেৱল শিক্ষার্থী সমাজেই নহয়, ৰাইজেও তাৰকা গৃহটোৰ দৰ্শনী উপভোগ কৰিবলৈ আহে ।

ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণৰ অন্যতম অনুষ্ঠান হিচাপে পৰিগণিত হোৱা তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো থ্ৰী ডি তাৰকা গৃহ হিচাপে চিহ্নিত হোৱা লখিমপুৰৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহটোৱে এতিয়া শিক্ষার্থীসকলক উপকৃত কৰাত অনন্য ভূমিকা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : Thionam and Bianam competition: বিহপুৰীয়াত থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.