ETV Bharat / state

বাৰিষাৰ পূৰ্বে প্ৰৱল খহনীয়াৰ কবলত ঘূণাসুঁতিবাসী - বাৰিষাৰ পূৰ্বে প্ৰৱল খহনীয়াৰ কবলত লখিমপুৰ

প্ৰাগ-বাৰিষা কালতে সেই অঞ্চলত চপৰা চপৰে খহিছে নৈৰ গৰা ৷ ফলত প্ৰতি বছৰে ঘৰ বাৰী হেৰুৱাইছে ঘূণাসুঁতিবাসীয়ে । বছৰৰ পিছত বছৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও একো ফল পোৱা নাই ৰাইজে ।

বাৰিষাৰ পূৰ্বে প্ৰৱল খহনীয়াৰ কবলত লখিমপুৰৰ ঘূণাসুঁতিবাসী

author img

By

Published : May 2, 2020, 7:01 PM IST

লখিমপুৰ, 2 মে : স্বাধীনতাৰ ৭৩ বছৰ পিছতো অসম চৰকাৰৰ জলসম্পদ বিভাগে সোৱণশিৰীৰ গৰাখহনীয়া ৰোধৰ বাবে কোনো বিজ্ঞানসন্মত ব্যবস্থা লোৱা নাই । সেয়ে বাৰিষাৰ পূৰ্বে হাহাকাৰৰ সন্মুখীন হয় ঘূণাসুঁতিবাসী। প্ৰাক-বাৰিষা কালতে সেই অঞ্চলত চপৰা চপৰে খহিছে নৈৰ গৰা ৷ ফলত প্ৰতি বছৰে ঘৰ বাৰী হেৰুৱাইছে ঘূণাসুঁতিবাসীয়ে । বছৰৰ পিছত বছৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও একো ফল পোৱা নাই ৰাইজে ।

বাৰিষাৰ পূৰ্বে প্ৰৱল খহনীয়াৰ কবলত লখিমপুৰৰ ঘূণাসুঁতিবাসী

এইবেলিও বাৰিষা পুনৰ অবৰ্ণনীয় পৰিবেশ হোৱাৰ আশংকা কৰিছে নৈ পৰীয়া ৰাইজে। সেয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগক ঘূণাসুঁতিবাসী বছাবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে । নৈৰ খহনীয়া ৰোধৰ বাবে চৰকাৰক শীঘ্ৰে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিবলৈয়ো অনুৰোধ কৰিছে ভুক্তভোগী ৰাইজে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.