লখিমপুৰ,7 ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ জাপিসজিয়াস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা ৷ শীতৰ ৰ‘দৰ আমেজ লৈ সময় পাৰ কৰিছে বিভাগটোৰ কৰ্মচাৰীয়ে ৷ কাৰ্যালয়ৰ চৌহদত সাংবাদিক প্ৰৱেশ কৰাৰ লগে লগেই তৎপৰতা বৃদ্ধি কৰ্মচাৰীসকলৰ ৷
উল্লেখ্য যে, বিগত তিনি বছৰে কোনোধৰণৰ আঁচনি ৰূপায়ণ হোৱা নাই লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ৷ এই কথা ব্যক্ত কৰে বিভাগটোত কৰ্মৰত বিষয়াই ৷ যাৰ ফলত এতিয়া এনেদৰেই সময় পাৰ কৰিছে কৰ্মচাৰীসকলে ৷ এতিয়া প্ৰশ্ন হয় প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ শ্ল’গান দিয়া শাসনাধীন চৰকাৰখনে ক্ৰমাৎ ধ্বংসস্তুপত পৰিণত হ’বলৈ ধৰা এই বিভাগটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে ৷
লগতে পঢ়ক-মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ