ETV Bharat / state

নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া ! - অসম দৰ্শন

লখিমপুৰৰ ফুলবাৰীত ‘অসম দৰ্শন’ আঁচনিৰ অধীনত পথ নিৰ্মানত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ ফুলবাৰী দেৱালয় সংযোগী গড়কাপ্তানী পথটোৰ ওপৰত নিশাৰ ভিতৰতে বহুওৱা হয় হিউম পাইপ ৷

Lakhimpur Fulbari Assam Darshan scheme scam
লখিমপুৰৰ ফুলবাৰীত নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ চাঞ্চল্য
author img

By

Published : Sep 22, 2020, 4:54 PM IST

লখিমপুৰ, 22 ছেপ্তেম্বৰঃ লখিমপুৰৰ ফুলবাৰীত নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্য চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা ফুলবাৰী দেৱালয় সংযোগী গড়কাপ্তানী পথটোৰ ওপৰত নিশাৰ ভিতৰতে বহুওৱা হয় হিউম পাইপ ৷ পথ নিৰ্মানৰ দায়িত্বত থকা ৰাজীৱ চাহু নামৰ ঠিকাদাৰ জনে নিশাৰ ভিতৰতে পথ নিৰ্মান কৰিবলৈ ওলোৱাত স্থানীয় ৰাইজে আহি বাধা প্ৰদান কৰে ৷

লখিমপুৰৰ ফুলবাৰীত নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ চাঞ্চল্য

উল্লেখ্য যে, প্ৰায় 1 কোটি 3 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হৈ থকা গড়কাপ্তানী পথটো চোৱাচিতাৰ দায়িত্বত থকা ৰূপম কাকতি নামৰ কনিষ্ঠ অনিযন্তাজনে ঠিকাদাৰৰ সৈতে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়েহে এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত লখিমপুৰৰ উপায়ুক্তৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক-২৪ ছেপ্তেম্বৰৰ পৰা মুকলি নহয় কামাখ্যা মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.