ETV Bharat / state

লক ডাউনৰ বাবে লোকচানৰ সন্মুখীন ডিৰ্জু চাহ বাগিচা - Assam Lockdown

লখিমপুৰ জিলাৰ চাহ বাগিচাসমূহৰ ভিতৰত অন্যতম হ'ল 400 হেক্টৰ কৃষিভূমিৰ ডিৰ্জু চাহ বাগিচা । লক ডাউন কিছু শিথিল কৰি দিয়াৰ পিছত বাগিচাৰ কাম আৰম্ভ হ'ল যদিও 100 শতাংশ শ্ৰমিক নিয়োগ কৰিব নোৱাৰাৰ ফলত উৎপাদন ক্ষমতা যথেষ্ট হ্ৰাস পাইছে ।

Lakhimpur Dirju Tea Garden poor prduction due to lockdown
লক ডাউনৰ বাবে লোকচানৰ সন্মুখীন ডিৰ্জু চাহ বাগিচা
author img

By

Published : May 16, 2020, 5:15 PM IST

লখিমপুৰ, 16 মেঃ দেশজুৰি চলি থকা লক ডাউনৰ বাবে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ । ৰাজ্যত চাহ উৎপাদন হ্ৰাস হৈ 100 শতাংশৰ পৰা 10 শতাংশ হৈছে । লখিমপুৰ জিলাৰ চাহ বাগিচাসমূহৰ ভিতৰত অন্যতম হ'ল 400 হেক্টৰ কৃষিভূমিৰ ডিৰ্জু চাহ বাগিচা । লক ডাউন কিছু শিথিল কৰি দিয়াৰ পিছত বাগিচাৰ কাম আৰম্ভ হ'ল যদিও 100 শতাংশ শ্ৰমিক নিয়োগ কৰিব নোৱাৰাৰ ফলত উৎপাদন ক্ষমতা যথেষ্ট হ্ৰাস পাইছে । ফলত বাগিচাখনত পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰে বাগিচা কৰ্তৃপক্ষই । মে মাহৰ শেষলৈ বাগিচাখনৰ উৎপাদন 50 শতাংশলৈ বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে বাগিচাখনৰ কৰ্তৃপক্ষই ।

লক ডাউনৰ বাবে লোকচানৰ সন্মুখীন ডিৰ্জু চাহ বাগিচা

উল্লেখ্য যে, মালিক পক্ষৰ সমান্তৰালকৈ লোকচানৰ সন্মুখীন হৈছে ঠিকাভিত্তিক কৰ্মচাৰীসকল । আনহাতে, বাগিচাখনত চৰকাৰী সকলো নীতি নিৰ্দেশনা পালন কৰি শ্ৰমিকসকলক প্ৰদান কৰা হৈছে সকলো সুবিধা । কৰ্মক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলাৰ উপৰিও শ্ৰমিকসকলক ছেনিটাইজাৰ ব্যৱহাৰৰ কৰাটো বধ্যতামূলক কৰা হৈছে ।

লগতে পঢ়ক-মঙলদৈ তৰণি সংঘৰ অচলাৱস্থা, সাহাৰ্যৰ বাবে অনুৰোধ চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.