ETV Bharat / state

নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক নাই লখিমপুৰৰ মৃত লোকজনৰ

author img

By

Published : Apr 16, 2020, 7:06 PM IST

বুধবাৰে লখিমপুৰত মৃত্যুক সাবটি লোৱা বৰপেটাৰ আলি হুছেইন নামৰ জামাতি জনৰ মৃত্যু সন্দৰ্ভত সংবাদমেল যোগে তথ্য সদৰী জিলা উপায়ুক্ত ডঃ জীৱন বি.ৰ । ৮ মাৰ্চৰ তাৰিখে লখিমপুৰলৈ যোৱা বৰপেটাৰ 12 জনীয়া জামাতিৰ দলটো দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ সৈতে জড়িত নহয় ৷ উচ্চ ৰক্তচাপৰ বাবেহে জামাতি দলৰ এজন সদস্য আলি হুছেইনৰ মৃত্যু হয় ৷ উপায়ুক্তগৰাকীয়ে সদৰী কৰে এই কথা ৷

লখিমপুৰত জিলা উপায়ুক্তৰ সংবাদমেল
লখিমপুৰত জিলা উপায়ুক্তৰ সংবাদমেল

লখিমপুৰ, 16 এপ্ৰিল : বুধবাৰে লখিমপুৰ জিলা উপায়ুক্ত ডঃ জীৱন বি.য়ে এক সংবাদমেল সম্বোধন কৰি লখিমপুৰত মৃত্যুক সাবটি লোৱা বৰপেটাৰ জামাতি দলৰ আলি হুছেইন নামৰ জামাতিজনৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ উল্লেখ্য যে,৮ মাৰ্চৰ তাৰিখে বৰপেটাৰ 12 জনীয়া জামাতিৰ দল এটা লখিমপুৰলৈ গৈছিল। এই দলটো লালুকৰ 1 নং ধৰ্মপুৰৰ কেবাটাও স্থানত প্ৰশাসনৰ নিৰীক্ষণত আছিল ৷ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ সৈতে এই দলটোৰ কোনো সম্পৰ্ক নাই বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে ৷

লখিমপুৰত জিলা উপায়ুক্তৰ সংবাদমেল

জামাতি দলৰ এজন সদস্য আলি হুছেইনউচ্চ ৰক্তচাপত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ ইতিমধ্যে মৃত আলি হুছেইনৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে আই.চি.এম.আৰলৈ পঠিওৱা হৈছে আৰু দলটোৰ অন্য 11 জন লোকৰো নমুনা সংগ্ৰহ কৰা হৈছে ।
৩৬ ঘণ্টাৰ পিছত মৃত আলি হুছেইনৰ ৰিপ’ৰ্ট আহিব আৰু তাৰ পিছতেই মৃত শৰীৰটোৰ জানাজাৰ ব্যবস্থা কৰা হ’ব বুলি উপাযুক্তগৰাকীয়ে সংবাদমেলযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কৰ’ণাৰ ৰেড হটস্পট গোলাঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.