লখিমপুৰ, 7 জুন : বাঁহেৰে পেঁপা বনাই চমক দিছে লখিমপুৰৰ সাংস্কৃতিক কৰ্মী অম্বিকা খনিকৰে । মহৰ শিঙৰ বিকল্প হিচাপে বাঁহেৰে পেঁপা নিৰ্মাণ কৰি তেওঁ খলকনি তুলিছে । তেওঁৰ এই প্ৰচেষ্টা ৰাজ্যজুৰি সমাদৃত হৈছে । এই সন্দৰ্ভত যোৱা দুই জুনত ইটিভি ভাৰতত এক প্ৰতিবেদন সম্প্ৰচাৰিত হৈছিল । প্ৰতিবেদন চাই ৰাইজে প্ৰশংসাৰে ওপচাই পেলাই শিল্পী গৰাকীক। এই প্ৰতিবেদন প্ৰত্যক্ষ কৰে লখিমপুৰৰ যুৱ বিধায়ক মানৱ ডেকাই । আপ্লুত হৈ বিধায়কজন মঙলবাৰে সন্ধিয়া শিল্পী গৰাকীৰ ঘৰত গৈ উপস্থিত হয়গৈ ।

মানৱ ডেকাই স্বচক্ষে শিল্পী গৰাকীৰ এই অভিনৱ সৃষ্টি প্ৰত্যক্ষ কৰে । শিল্পীজনে সৃষ্টি কৰা বাঁহৰ পেঁপাৰ সুৰীয়া মাত শুনি আপোন বিভোৰ হৈ পৰে বিধায়কজন । তেওঁ শিল্পীজনৰ এই সৃষ্টিৰ শলাগ লয় আৰু ইটিভিৰ সাংবাদিকৰ আগত কয় যে জীৱনটো সংস্কৃতিৰ হকে নিষ্ঠাৰে উৎসৰ্গা কৰা অম্বিকা খনিকৰৰ এই প্ৰচেষ্টা অতি সুন্দৰ । বাঁহৰ পেঁপা নিৰ্মাণত তেওঁ যি কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে সেইয়া শলাগ লবলগীয়া (Ambika Khanikar making pepa with bamboo)।
বিধায়কজনে শিল্পীজনৰ সৃষ্টিৰ কথা চৰকাৰৰ উৰ্ধতন মহলক জনাব বুলি উল্লেখ কৰাৰ লগতে এটা সুন্দৰ ভৱিষ্যত কামনা কৰে । উল্লেখ্য যে ইটিভিয়েই প্ৰথমে এই শিল্পীজনৰ এই সৃষ্টিক পোহৰলৈ আনিছিল । যাৰ বাবে বিধায়ক গৰাকীয়ে গৈ শিল্পীজনক ঘৰতে গৈ উৎসাহিত কৰে ।

উল্লেখ্য যে লখিমপুৰৰ বগলীজান নিবাসী ঢোলৰ ওজা অম্বিকা খনিকৰে বহু কষ্ট আৰু ধৈর্য্যৰে তেওঁ ইতিমধ্যে কেইবাটাও বাঁহৰ পেঁপা নিৰ্মাণ কৰি উলিয়াইছে । তেওঁ বনোৱা পেঁপাৰ শুৱলা আৰু সুন্দৰ মাতে সকলোকে মোহিত কৰিছে । সৰুৰে পৰা সংস্কৃতিৰ পথাৰখনত উমলি জামলি থকা অম্বিকা খনিকৰে অসমীয়া সংস্কৃতিৰ পথাৰত ন কৈ সংযোজন কৰা বাঁহৰ পেঁপা এক অনন্য অৱদান হৈ ৰ’ব ।
লগতে পঢ়ক : Pepa Assamese Traditional instrument : বাঁহৰ পেঁপা বনোৱাত ব্যস্ত লখিমপুৰ এজন ঢোলৰ ওজা