লখিমপুৰ, 7 আগষ্ট : মূল্যবৃদ্ধিৰ কেকোঁৰা চেঁপাত জুৰুলা হৈ পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজ ৷ অত্যাৱশ্যকীয় সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ দিনক দিনে হোৱা মৃল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক ৷ শেহতীয়াকৈ ৰাজ্যত হোৱা সামগ্ৰীৰ পুনৰ দাম বৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক ৷ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷
লখিমপুৰত সোমবাৰে বিয়লি দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্রী আৰু যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লখিমপুৰ নগৰত সোমবাৰে বিয়লি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে ৷ নগৰৰ গাৰ্লচ ৰোড চাৰি আলিত মুখ্যমন্ত্রী আৰু যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মূল্য বৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, যোগান মন্ত্রী হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে পৰিবেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদ স্থলীত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক সত্যজিৎ দত্ত, উপ-সভাপতি জিন্টু ৰহমান আদিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে ব্যবস্থা গ্রহণ নকৰাত ক্ষোভ প্রকাশ কৰি কয় যে, খাদ্য সামগ্রীৰ পৰা ঔষধলৈ সকলো সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ পাছতো চৰকাৰখনে হাত সাৱটি বহি আছে ৷ যোগান বিভাগ আছে গভীৰ নিদ্ৰাত ৷ মূল্য বৃদ্ধিয়ে যেনেদৰে ৰাইজক টেঁটু চেঁপা দিছে তাৰ বিপৰীতে খাটিখোৱা ৰাইজৰ মজুৰি বঢ়া নাই ৷ যাৰ বাবে সৰ্বস্তৰৰ লোকে ত্ৰাহি মধুসুদন সুঁৱৰিবলগীয়া হৈছে ৷ সেয়ে তৎকালীনভাৱে চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ দাবী জনাই সংগঠনটোৱে ৷ অন্যথা লাচিত সেনাই অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক সকীয়াই দিয়ে ৷
এই প্ৰতিবাদী কাৰ্য্যসূচীত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য সচিব সত্যজিৎ দত্ত, বিত্ত সচিব ৰিতু বৰা, যুটীয়া সচিব প্ৰণৱজ্যোতি বৰা, ইমৰান খান, উপ-সভাপতি মুকিবুৰ ৰহমান, সাংগঠনিক সচিব অজয় উপাধ্যায়, উজ্জল দত্ত, ৰাজু বৰ্মন, ললিত বৰুৱা, বাপন বৰ্মন আদিৰ লগতে ভালেখিনি সদস্যই অংশগ্রহণ কৰে ৷
লগতে পঢ়ক : Assam State Kisan Sabha : বিজেপি চৰকাৰৰ কৃষকৰ আয় দুগুণ কৰাৰ প্রতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হৈছে; টিকেন দাস