লখিমপুৰ,৬ আগষ্ট: দেওবাৰে কেইবাটাও কাৰ্যসূচীৰে লখিমপুৰত উপস্থিত হয় মন্ত্রী ৰণজিৎ কুমাৰ দাস (Minister Ranjit Das visits Lakhimpur)। পুৱা বেলা তেওঁ জিলাখনৰ পথালি পাহাৰত এটা কৃষি সেৱা কেন্দ্র উদ্বোধন কৰে । দেওবাৰে পুৱা চাৰে দহ বজাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । গায়ন-বায়ন, বিহুদলেৰে ৰাইজে আদৰি নিয়ে মন্ত্ৰীগৰাকীক । মন্ত্ৰী ৰণজিৎ দাসক কাষতে পায় আত্মহাৰা হৈ পৰে অঞ্চলটোৰ ৰাইজ (Krisi Seva Kendra inaugurate by Rajnit Das) ।
উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বুজ লয় অঞ্চলটোৰ ৰাইজৰ বিভিন্ন সমস্যাৰ । লগতে সমস্য়াসমূহ অতি শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । বিহপুৰীয়া বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ লগতে উক্ত অনুস্থানত জিলা উপায়ুক্তকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, দেওবাৰে বিহপুৰীয়া সমষ্টিত আৰু কেইবাটাও উন্মোচনী অনুষ্ঠানত ভাগ ল'ব মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক: Tiranga Distribution: অমৃত মহোৎসৱ আৰু এগৰাকী ব্যতিক্ৰমী শিক্ষক