ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়িলে লখিমপুৰৰ কাৰ্তিকায়ান কাশ্যপে

author img

By

Published : Jul 29, 2020, 4:00 PM IST

Updated : Jul 29, 2020, 5:12 PM IST

60 দিনত 88 খন প্ৰমাণপত্ৰ অৰ্জনেৰে অভিলেখ গঢ়িছিল ৰাজস্থানৰ সুৰেশ দেশকুমাৰ প্ৰজাপতিয়ে ৷ কিন্তু তাতোকৈয়ো কম সময়ৰ ভিতৰত অধিক প্ৰমাণপত্ৰ অৰ্জনেৰে শেহতীয়াকৈ পূৰ্বৰ অভিলেখ ভংগ কৰি, নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসমৰ কাৰ্তিকায়ান কাশ্যপে ৷

কাৰ্তিকায়ান কাশ্যপ
কাৰ্তিকায়ান কাশ্যপ

নাওবৈচা, 29 জুলাই: লক ডাউনত সময়ছোৱাত ঘৰতে এনেই বহি নাথাকি কাৰ্তিকায়ানে অনলাইনযোগে পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰিছিল ভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত ৷ লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলত অধ্যয়ণৰত নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি 36 দিনত ২৫০ খন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰমাণপত্ৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ কাৰ্তিকায়ানে ইতিমধ্যে গুগল এপত Maximum Certificate Achieved in Short Period of Time শিৰোনামেৰে International Book of World Records ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি কম সময়ত অধিক প্ৰমাণপত্ৰ অৰ্জনৰ বাবে তেওঁ Golden book world records, Universal Achievers Book of Records, Limaca Book of Records, Best of India Records, Online World Records আৰু India Achiever Book of Records তো নিজৰ নাম খোদিত কৰি লখিমপুৰৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়িলে লখিমপুৰৰ কাৰ্তিকায়ান কাশ্যপে

নিজ প্ৰতিভাৰে গৌৰৱ কঢ়িয়াই অনা কাৰ্তিকৰ সফলতাত এতিয়া আনন্দিত সকলো ৷ বিশ্বনাথ জিলাৰ কলাবাৰী মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ প্ৰদীপ শৰ্মা আৰু উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী অৰ্পণা শৰ্মাৰ একমাত্ৰ সন্তান কাৰ্তিকায়ানৰ আশা ভৱিষ্যতে ইয়াতকৈয়ো এখোজ আগুৱাই গৈ, গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম খোদিত কৰা ৷ পূৰ্বতেও ভিন্ন বিজ্ঞান আৰ্হি তৈয়াৰ কৰি ৰাজ্যিক পৰ্যায়ত বহুতো খিতাপ দখল কৰিবলৈ সক্ষম হৈছে কাৰ্তিকায়ান কাশ্যপে ৷ ভৱিষ্যতে এগৰাকী সুদক্ষ অভিযন্তা হোৱাৰ আশা মনত পুহি ৰখা কাৰ্তিকে অধ্যয়ন কৰি ভালপোৱাৰ লগতে ভাল পাই খেল-ধেমালি কৰি ৷ কাৰ্তিকায়ানৰ এই যাত্ৰা যাতে অক্ষুণ্ণ থাকে চিৰকাল ৷

লগতে পঢ়ক: নগাঁৱত কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ ই-ৰিক্সা চালকৰ

Last Updated : Jul 29, 2020, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.