লখিমপুৰ, 16 মাৰ্চঃ লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কলিয়াবৰৰ পত্নী দুই কন্যা হত্যাকাৰীক । লখিমপুৰ আৰক্ষীৰ জিম্মাত হত্যাকাৰী জয়ন্ত কুমাৰ বৰ্মন । হত্যাকাণ্ড সংঘটিত কৰিয়েই লখিমপুৰত আত্মগোপন কৰিছিল লখিমপুৰৰ ভাগিনিয়েকৰ ঘৰত ।
শিলঘাটৰ অসম সমবায় মৰাপাত কলৰ আৱাসিক এলেকাত সংঘটিত হৈছিল হত্যাকাণ্ড । পাৰিবাৰিক কাৰণত পত্নী, তিনি কন্যাক হত্যা কৰিছিল জয়ন্ত কুমাৰ বৰ্মনে । আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে জয়ন্তই। লখিমপুৰ আৰক্ষীয়ে নগাঁও আৰক্ষীক গতাই দিছে হত্যাকাৰী জয়ন্ত বৰ্মনক ।