বিহপুৰীয়া,২৬ ফেব্ৰুৱাৰী: প্ৰজ্ঞা ফাউণ্ডেচনে ৰাজ্যজুৰি শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে সংস্কাৰ জাগৰণ যাত্ৰা । ৰাজ্যৰ ১০০ টা বিধানসভা সভা সমষ্টিত সাতদিনীয়াকৈ সমাজ সংস্কাৰৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰজ্ঞা ফাউণ্ডেচনে । লখিমপুৰৰ বিহপুৰীয়া সমষ্টিতো আৰম্ভ হৈছে এই বিশেষ কাৰ্যসূচীৰ ।
সামাজিক ব্যাধি স্বৰূপ মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা, প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন বিষয়বস্তুৰ ওপৰত সমষ্টিটোৰ প্ৰতিটো পঞ্চায়ত সামৰি কৰা হ’ব এই জাগৰণ যাত্ৰা ৷ ধুৱাহাট বেলগুৰি সত্ৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ মহন্তই ।
লগতে পঢ়ক:কিয় হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসন দিবলৈ ক'লে গৌৰৱ গগৈয়ে ?