ETV Bharat / state

নাৰায়ণপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখ ন-পমুৱা শাখা নাৰী সুৰক্ষা সমিতিৰ আতিথ্যত মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।

নাৰায়ণপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

author img

By

Published : Mar 8, 2021, 3:26 PM IST

লখিমপুৰ, 8 মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে । নাৰায়ণপুৰ আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ সৌজন্যত স্থানীয় মেৰমুখ ন-পমুৱা শাখা নাৰী সুৰক্ষা সমিতিৰ আতিথ্যত মেৰমুখ বাৰেচহৰীয়া আঞ্চলিক ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভানেত্ৰী পদুম শইকীয়াই ।

স্থানীয় মহিলাসকলৰ দিহানামেৰে শুভাৰম্ভ কৰা আৰু মিনু দলে চাবুকধাৰাই উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে নাৰায়ণপুৰ আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ সভানেত্ৰী পদুম শইকীয়াই । আঞ্চলিক সমিতিৰ সম্পাদিকা মিনু চেকনিধৰা বৰুৱাই আঁতধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে আৰতী শইকীয়া নেওগে, বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰদা শইকীয়াই আৰু নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে স্থানীয় ফুলনিখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কনকলতা বৰা আৰু বুলু ভূঞা দত্তই । বৃহত্তৰ অঞ্চলটোৰ শতাধিক মহিলাই অংশ গ্ৰহণ কৰা সভাখনতে অঞ্চলটোৰ কেবাগৰাকীও বয়োজ্যেষ্ঠ মহিলাক ফুলাম গামোচা আৰু ধৰ্মীয় গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়কঃটীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.