ETV Bharat / state

Special Interview with Yogendra Nath Dutta : ব্যতিক্ৰমী, আদৰ্শবান শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তৰ সপোনৰ কথাৰে...

author img

By

Published : Aug 3, 2023, 3:44 PM IST

এগৰাকী আদৰ্শবান শিক্ষাগুৰু ৷ সমাজখন শুদ্ধ আৰু ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলাই দিয়াই তেওঁৰ একমাত্ৰ উদ্দেশ্য ৷ 2007 চনৰ পৰা আজিলৈকে এই শিক্ষাগুৰুগৰাকীয়ে দি গৈছে বিনামূলীয়া শিক্ষা ৷ শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তৰ সপোনৰ কথাৰে আজিৰ বিশেষ প্ৰতিবেদন ৷

Special Interview with Yogendra Nath Dutta
এগৰাকী আদৰ্শবান শিক্ষাগুৰু
এগৰাকী আদৰ্শবান শিক্ষাগুৰু

বিহপুৰীয়া, 3 আগষ্ট : মানসিক প্ৰশান্তি মানেই যেন আত্মসন্তুষ্টি । আজি এনে এগৰাকী শিক্ষাগুৰুৰ বিষয়ে উল্লেখ কৰিম যিগৰাকী গুৰুৱে শিক্ষাদান নকৰালৈকে লাভ নকৰে মানসিক প্ৰশান্তি ৷ নিজে আহৰণ কৰা জ্ঞানৰ ভাণ্ডাৰটো উঠি অহা প্ৰজন্মক বিলাই দিয়াটোৱেই তেওঁৰ ব্ৰত ৷ সেয়েহে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পাচতো ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰি শিক্ষাগুৰুৰ পৰিচয় ডাঙি ধৰিছে এইগৰাকী শিক্ষকে ৷

ব্যতিক্ৰমী, আদৰ্শবান শিক্ষাগুৰুগৰাকীৰ নাম যোগেন্দ্ৰ নাথ দত্ত ৷ যোগেন্দ্ৰ নাথ দত্তৰ ঘৰ নাৰায়ণপুৰৰ পাণবাৰীত । নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ নাথ দত্ত ৷

2007 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ এবছৰ পূৰ্বেই দত্তই ঠিৰাং কৰিছিল যে জীৱনৰ বাকী সময়ছোৱাতো তেওঁ শিক্ষাৰ্থীসকলৰ মাজত জ্ঞান বিলাই যাব । সেয়েহে পেঞ্চনৰ ধনৰ একাংশৰে এটা কোঠালি নিৰ্মাণ কৰি তেওঁ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজীৰ পাঠদান কৰাৰ সিদ্ধান্ত লয় ৷ বিশেষকৈ ইংৰাজী ব্যাকৰণৰ পাঠদান আগবঢ়াই আহিছে শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তই ৷

দত্তই আমাক জানিবলৈ দিয়া অনুসৰি, বিদ্যালয়ৰ পাঠদানৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যাকৰণত বিশেষ গুৰুত্ব দিবলৈ সময় নাপায় সময়ৰ সীমাবদ্ধতাৰ বাবে ৷ ফলত ছাত্ৰ-ছাত্ৰীসকলে ব্যাকৰণৰ জ্ঞান আঁতি-গুৰি মাৰি লাভ কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰ প্ৰভাৱ পৰে পৰৱৰ্তী পৰ্যায়ত ৷ সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যাতে ব্যাকৰণৰ ক্ষেত্ৰত নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

অতিকৈ প্ৰশংসনীয় বিষয়টো হ'ল যে, যোগেন্দ্ৰ নাথ দত্তই ছাত্ৰ-ছাত্ৰীক এই শিক্ষা প্ৰদান কৰি আহিছে সম্পূৰ্ণ বিনামূলীয়াকৈ ৷ সম্প্ৰতি গৰম বন্ধৰ সময়ত পুৱা এক ঘণ্টাকৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আছে যদিও বিদ্যালয় খোলা থকা বেলিকা বিয়লিৰ ভাগত এই শিক্ষা তেওঁ প্ৰদান কৰি আহিছে ৷

তদুপৰি যোগেন্দ্ৰ নাথ দত্তই ইতিমধ্যে এটা পুথিভঁৰালো নিৰ্মাণ কৰি উলিয়াইছে সম্পূৰ্ণ নিজা খৰচত ৷ 2020 বৰ্ষত প্ৰায় 20 লক্ষাধিক টকাৰে নিৰ্মাণ কৰা পুথিভঁৰালটোৰ জৰিয়তে উপকৃত হৈছে স্থানীয় শিশুৰ পৰা কিশোৰ-কিশোৰীসকল ৷ কৃতি শিক্ষকৰ বঁটাপ্ৰাপক যোগেন্দ্ৰ নাথ দত্তৰ এই মহান কৰ্মৰাজিৰ শলাগ পদে-পদে লৈ আহিছে ভিন্নজনে ৷

ইয়াৰোপৰি দত্ত ছাৰে নাৰায়ণপুৰৰ বিভিন্ন স্থানত 5000 ৰো অধিক গছপুলি ৰোপন কৰাৰ উপৰিও শিশু উদ্যানকে আদি কৰি বিভিন্ন ধৰণেৰে সমাজৰ হিতৰ হকে কাম কৰি আহিছে ।

লগতে পঢ়ক : Special Interview with Atul Borgohain : সাহিত্য চৰ্চা কৰি দেশে-বিদেশে সমাদৃত ডাঃ অতুল বৰগোঁহাইৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.