লখিমপুৰ,১২ জানুৱাৰী: লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃজিলা যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ । আগন্তুক ২২, ২৩ আৰু ২৪ জানুৱাৰীত লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব চতুৰ্থ আন্তঃজিলা জিলা যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ । ভাৰত চৰকাৰৰ ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্রণালয়ৰ স্বীকৃতিপ্ৰাপ্ত, ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া মহাসংঘৰ অনুমোদিত অসম যোগাসন ক্ৰীড়া সন্থা অসমৰ সৌজন্যত আৰু লখিমপুৰৰ যোগাসন ক্ৰীড়া সন্থা লখিমপুৰৰ উদ্যোগত তথা আকাংখা যোগা এণ্ড ৱেলনেচ চেনচাৰৰ আতিথ্যত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে সংগঠন দুটাৰ নেতৃত্বই ।
সংবাদমেলযোগে তেওঁলোকে কয় যে লখিমপুৰৰ বাসুদেৱ কল্যাণ ট্ৰাষ্টত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ লগতে আয়োজন কৰা হৈছে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ । অনলাইনৰ জৰিয়তে খেলুৱৈসকলে নাম পঞ্জীয়ন কৰিব পাৰিব । লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ । এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি কেইবাটাও বঁটা প্ৰদানৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰে সংবাদমেলত ।
অমলপ্ৰভা নেওগ সোঁৱৰণী, শশীপ্ৰভা দেৱী সোঁৱৰণী, যুগল কিশোৰ মালপানী সোঁৱৰণী আৰু মানিক চৰকাৰ সোঁৱৰণী যোগ সম্ৰাগ্ৰী, যোগ কুমাৰ, যোগ কুমাৰী আদি বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে । ইয়াৰোপৰি বলিনাৰায়ন ফুকন আৰু শুভাশীৰ্ষ কৌৰক যোগ ৰত্ন বঁটা, পুৰন্দৰ বৰুৱা আৰু ৰাজেশ মালপানীক যোগ শিৰোমণি বটা, অনন্ত শইকীয়া আৰু সুখময় নাথক যোগ সাধনা বঁটা প্ৰদান কৰা হ'ব । আনহাতে অজয় ৰয় আৰু পুতুল বৰুৱাক যোগ সমন্বয় বটা, বেদকান্ত মহন্ত আৰু ড৹ বিনয় ভট্টাচার্যক প্ৰদান কৰা হব যোগশ্ৰী বঁটা ।
উল্লেখ্য অহা ২৮ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ চত্তিশগড়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ পৰাই অসম দল নিৰ্বাচন কৰা হ'ব বুলি উদ্যোক্তাসকলে সংবাদমেলখনত সদৰি কৰে । সমগ্র ৰাজ্যৰ কেইবাশ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখন সফল কৰিবলৈ আয়োজকসকলে সকলোৰে সহযোগিতা কামনা কৰে ৷ সংবাদমেলখনত যোগাসন ক্ৰীড়া সন্থা অসমৰ নলীন নাথ, ধীৰেণ শৰ্মা, পাৰ্থ প্ৰতীম গগৈ, জিলা সন্থাৰ মুনীন্দ্ৰ নেওগ, আদৰণি সমিতিৰ ৰাজেশ মালপানী আদি কেইবাজনো বিষয়-ববীয়াই অংশগ্রহণ কৰে ।
লগতে পঢ়ক: শিল্পী ৰমেন চৌধুৰীলৈ অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান